নিউজ ডেস্কঃ আজি অসম চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জনতা ভৱনত এখন সংবাদমেলৰ আয়োজন কৰে।

দ্বিতীয়খন কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।

বিটিআৰ প্ৰধানৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলক কেবিনেট পদমৰ্যাদা প্ৰদানৰ বাবে কেবিনেটে সিদ্ধান্ত লয়।
অসমৰ মহাধিবক্তা হিচাপে দেৱজিৎ শইকীয়াক দায়িত্ব অৰ্পনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় লগতে সদ্যপ্ৰাক্তন মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁইক তেখেতৰ কাৰ্যকালত অসমৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
আৰু পঢ়কঃমুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নন্দিল বিশ্ব শৰ্মাই আগবঢ়ালে ধন!গৌৰাম্বিত মুখ্যমন্ত্ৰী পিতৃ

ইতিমধ্যে বৰ্তি থকা তত্বাৱধায়ক মন্ত্ৰীৰ নামৰ পৰিৱৰ্তন কৰি অভিভাৱক মন্ত্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ। এই অভিভাৱক মন্ত্ৰী সকলে জিলা খনৰ উন্নয়নৰ সকলো দিশ তদাৰক কৰিব।
ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্য খণ্ডৰ প্ৰয়োজনীয় অক্সিজেন উৎপাদক গোট সমূহক বিশেষ আৰ্থিক সাহাৰ্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত।
নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি কৰিলেও ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
বৰ্তমান চলি থকা এনে উদ্যোগৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো ১০০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
ইতিমধ্যে উৎপাদন চলাই থকা অক্সিজেন উৎপাদন উদ্যোগসমূহলৈ ২০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
এই সিদ্ধান্তসমূহ ১ জানুৱাৰী, ২০২১ৰ পৰা কাৰ্যকৰী হ’ব যদিও বিত্তীয় বৰ্ষ হিচাপে ১ এপ্ৰিল, ২০২১ৰ পৰা ৩১ মাৰ্চ, ২০২২ প্ৰযোজ্য হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply