স্মৃতি প্ৰিয়া লাহন, টীয়ক : মাৰাত্মক কৰ্কট ৰোগ প্ৰতিৰোধ সম্পৰ্কে সচেতনা সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন সময়ত বহু স্বেচ্ছাসেৱী সংগঠনে জনসাধাৰণৰ মাজত সজাগতামূলক সভা অনুষ্ঠিত কৰি আহিছে।
কৰ্কট ৰোগৰ প্ৰতি সজাগতা অনাৰ স্বাৰ্থত মংগলবাৰে টীয়কৰ ৯ নং বলমা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ডিব্ৰুগড়ৰ প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টে ননঘৰ প্ৰজেক্ট এৰ’ণা আই এম এ ৰ WDW সহযোগত এখন কৰ্কট ৰোগৰ সজাগতা সভা অনুষ্ঠিত কৰে।
উক্ত সজাগতা অনুষ্ঠানটোত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু টীয়কৰ কেইবাগৰাকীও বিশিষ্ট চিকিৎসক উপস্থিত থাকি কৰ্কট ৰোগৰ সম্পৰ্কে ৰাইজক লগত আলোচনা কৰে।
এই সভাতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া উপস্থিত হৈ বিশেষকৈ মহিলাসকলক এই ৰোগৰ লক্ষণ, সজাগতা তথা চিকিৎসা আৰু নিৰাময় আদিৰ সম্পৰ্কে বুজাবলৈ চেষ্টা কৰে।
এনেধৰণৰ সজাগতা কাৰ্য্যসূচীয়ে অনাগত দিনত কেঞ্চাৰ ৰোধৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰি অভিনেত্ৰী গৰাকীয়ে ৰাইজক কৰ্কট ৰোগ সম্পৰ্কে সজাগ হ’বলৈ আহ্বান জনায়।
লগতে পঢ়ক : এখন অনন্য ফটো : শুদা ভৰিৰে পদ্মশ্ৰী বঁটা গ্ৰহণ কৰা তুলসী গৌড়াৰ পৰিচয়