গুৱাহাটী: কৰ্কট ৰোগৰ ‘হটস্পট’ত পৰিণত হৈছে অসম। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী ভাৰতী প্রবীণ পাৱাৰে সংসদৰ মজিয়াত প্ৰকাশ কৰা মতে, অসমত প্ৰতিবছৰেই কৰ্কটত আক্ৰান্ত হোৱা লোকৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে সেইদৰে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা পাঁচ বছৰত ৰাজ্যখনত ১ লাখ ১৪ হাজাৰ ১৬৯ জন লোকৰ কৰ্কট ৰোগত মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্ত হৈছে ১ লাখ ৮৯ হাজাৰ ৪৭৮জন লোক। 

মন্ত্ৰীগৰাকীয়ে সংসদত বিস্তৃত তথ্য দাঙি ধৰি কয় যে কৰ্কটত আক্ৰান্ত হৈ অসমত ২০১৮ চনত ২১,৭১৫জন, ২০১৯ চনত ২২,২৬১জন, ২০২০ চনত ২২,৮২৪জন, ২০২১ চনত ২৩,৩৯৫জন আৰু ২০২২ চনত এতিয়ালৈকে ২৩,৯৭৪ জনৰ মৃত্যু হৈছে। আনহাতে, যোৱা পাঁচ বছৰত ৰাজ্যখনত কেঞ্চাৰত আক্ৰান্ত হৈছে ১ লাখ ৮৯ হাজাৰ ৪৭৮জন লোক। ইয়াৰে ভিতৰত ২০১৮ চনত ৩৬,০২৯জন, ২০১৯ চনত ৩৬,৯৪৮জন, ২০২০ চনত ৩৭,৮৮০জন, ২০২১ চনত ৩৮,৮৩৪জন আৰু ২০২২ চনত এতিয়ালৈকে ৩৯,৭৮৭ জনৰ আক্ৰান্ত হৈছে। 

আনহাতে কামৰূপ মহানগৰ জিলাত অসমৰ ভিতৰতে অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । জিলাখনৰ প্ৰতি এক লাখ পুৰুষৰ মাজত ২১৩জন আৰু এক লাখ মহিলাৰ মাজত ১৬৯ গৰাকী এই মাৰাত্মক ৰোগবিধত আক্রন্ত হয়। সাধাৰণতে ৰাজ্যখনৰ পুৰুষসকলৰ মুখ, খাদ্যনলী আৰু হাওঁফাওঁত কে‌ঞ্চাৰ ৰোগে আক্ৰমণ কৰাৰ বিপৰীতে মহিলাসকলৰ অধিকসংখ্যকৰেই স্তন আৰু জৰায়ুত কৰ্কট‌ হয়৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধঁপাত সেৱন, মদ্যপান আৰু খাদ্যাভ্যাসৰ বাবে অধিক লোক কৰ্কট‌ত আক্ৰান্ত হয়। অসমৰ কেন্‌ছাৰ ৰোগীৰ ৪৮ শতাংশই ধঁপাত সেৱন কৰে। অসমৰ উপৰি মিজোৰামৰ আইজল আৰু মেঘালয়ৰ পূব খাছি হিল্‌ছ জিলাও কৰ্কট‌ৰ হটস্পট হিচাপে বিবেচিত হৈছে। 

ইণ্ডিয়ান কাউন্সিল অব্ মেডিকেল ৰিছাৰ্চৰ এক প্ৰতিবেদনত অনাগত পাঁচ বছৰত ভাৰতত ক‌ৰ্কটত আক্ৰান্তৰ সংখ্যা ১২ শতাংশলৈ বৃদ্ধি পাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে। এনে পৰিস্থিতিত অনাগত দিনত ৰাজ্যখনত কৰ্কট ৰোগে যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব, সেয়া নিশ্চিত হৈ পৰিছে।

লগতে পঢ়ক – বৰঝাৰ বিমান বন্দৰত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply