মাৰ্ঘেৰিটা, মানসপ্ৰতীম গগৈ: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। বনৰীয়া জীৱ-জন্তুৰ প্ৰতি জীৱ শ্ৰেষ্ঠ মানুহৰ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাই আহিছে। নিতৌ জীৱ শ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ গৈছে নিবোধ জীৱ-জন্তুৰ। উৰুকাৰ নিশাও মাৰ্ঘেৰিটা টেঙাপথাৰত এজনী বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যু খবৰে সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

বনাঞ্চলৰ পৰিসৰ হ্ৰাস পাই অহা ফলত বন্যপ্ৰাণী সমূহে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা মানুহ থকা অঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে। এনে বহু হাতীৰ অস্বাভাৱিক মৃত্যুৱে প্ৰায়ে সংবাদ শিৰোনামা দখল কৰে। কিন্তু ইয়াৰ পিছতো কিন্তু ৰাজ্যৰ বনবিভাগ কুম্ভকৰ্ণ নিদ্ৰাত। 

বন্য প্ৰাণীক সুৰক্ষা দিয়াত সম্পূৰ্ণ ৰূপে বিফল বনবিভাগ। বনবিভাগে মৃত বন্য প্ৰাণীসমূহৰ মৰোণোত্তৰ পৰীক্ষা কৰিয়েই দায়িত্ব সামৰে।পৰৱৰ্তী সময়ত কি প্ৰতিবেদন আহিল একো জানিব পৰা নাযায়। 

অপ্ৰিয় হলেও সত্য যে বেছিভাগ ক্ষেত্ৰতে বন্য জীৱসমূহৰ মৃত্যুৰ কাৰণ কিন্তু একাংশ অসাধু মানুহেই। সচেতন মহলৰ সন্দেহ বনবিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগত জীৱজন্তুৰ মৃত্যুৰ প্ৰকৃত ঘটনাক গাপ দিয়া হয়।

উৰুকা নিশা মাৰ্ঘেৰিটা টেঙাপথাৰত আনন্দৰ উল্লাহৰ মাজতে নিশা মৃত্যুমূখত পৰে এজনী বনৰীয়া হাতী।কেমেৰা সন্মুখত মূখ খুলিবলৈ নিবিচৰা একাংশ লোকৰ মতে হাতীজনীক কোনো দুষ্ট লোকে পৰিকল্পিতভাৱে হত্যা কৰিছে।

কিন্তু বনবিভাগৰ কতৃপক্ষই মৰোণোত্তৰ প্ৰতিবেদনৰ পিছতহে হাতীজনীৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব কয়।বনবিভাগৰ মন্তব্যত কিন্তু সচেতন মহল আশ্বস্ত হ’ব পৰা নাই।

লগতে পঢ়ক – 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply