সোণাৰি: অসম-নগালেণ্ড সীমান্তৰ সোণাৰিৰ নামতোলাত আজি গো-মাংসসহ এজন আন্তঃৰাজ্যিক গো-মাংস সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সৰবৰাহ কৰা সময়তে নামতোলা চাহ বাগিচা গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰিলে ৯০ কিলোগ্ৰাম গো-মাংস।

সোণাৰিৰ পৰা অসম-নাগালেণ্ড সীমান্তৰ নামতোলা অভিমুখে AS 33 C0292 নম্বৰৰ এখন অট’ৰিক্সাত নাগালেণ্ডত বিক্ৰীৰ বাবে কঢ়িয়াই অনাৰ সময়তে উদ্ধাৰ হয় গো-মাংসখিনি।

গাঁওৰক্ষী বাহিনীয়ে গো-মাংস সৰবৰাহত জড়িত সোণাৰিৰ লালু খান ওৰফে চাকিল খানক কৰায়ত্ত কৰা লগতে অট’ৰিক্সাখন জব্দ কৰি নামতোলা আৰক্ষী থানাত চমজাই দিয়ে যদিও অট’খনৰ চালকজনে পলায়ন কৰে।

নামতোলা আৰক্ষী থানাত ইতিমধ্যে গো-মাংস সৰবৰাহকাৰীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

লগতে পঢ়ক – ২২ মাৰ্চৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply