প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে গো ৰক্ষাৰ বাবেই আইন প্ৰণয়নৰ বাবে সাজু হৈছে । ইতিমধ্যে বিধান সভাত উত্থাপন কৰিছে বিধেয়ক ।

বিধানসভাত Assam Cattle Preservation Bill-২০২১ এই বিধেয়ক অনুসৰি
চৰকাৰৰ অনুমোদিত কচাইখানাত বাহিৰে অন্য কোনো লোকে গো হত্যা কৰিব নোৱাৰিব।
হিন্দু, শিখ, জৈন বা গো মাংস ভক্ষণ নকৰা লোকৰ অধ্যুষিত অঞ্চলত নিষিদ্ধ গো মাংস বিক্ৰী ।
মন্দিৰ, সত্ৰ বা আন ধৰ্মীয় উপাসনাস্থলীৰ ৫ কিঃমিঃৰ ভিতৰত গো মাংস বিক্ৰী কৰিব নোৱাৰিব।
গো নিধনৰ বাবে পশুপালন বিষয়াৰ কেতবোৰ চৰ্ত পূৰণ কৰি মাচুল সহ আবেদন দাখিল কৰিহে অনুমতি প্ৰাপ্ত কৰিব লাগিব।
পশুপালন বিষয়াৰ পৰা চৰ্ত পূৰণ হলে ১৪ বছৰৰ ওপৰৰ ষাড় বা বলধ গৰুহে নিধনৰ অনুমতি পাব।

উপযুক্ত পাৰ্মিত অবিহনে কোনেও কৰিব নোৱাৰিব গো-সৰবৰাহ।আন্তজিলা গৰু সৰবৰাহতো বাধা নিষেধ । অসমৰ মাজেৰে আন ৰাজ্যলৈ যাব নোৱাৰিব গো ধন । গৰু সৰবৰাহৰ ক্ষেত্ৰত কৃষি বা পশুপালনৰ উদ্দেশ্যেৰে নিয়া বুলি উপযুক্ত প্ৰমান দাখিল কৰিব লাগিব ।
আনহাতে গো চৰণীয়া পথাৰ বা কৃষি কৰ্মৰ সৰবৰাহৰ বাবে অনুমতি দিয়া হৈছে । তদুপৰি পঞ্জীকৃত গো বজাৰলৈ নিয়া আৰু তাৰ পৰা অনা গৰুৰ সৰবৰাহৰ ক্ষেত্ৰত পূৰ্বৰ অনুমতিৰ প্ৰয়োজন নহব ।

এই আইন অমান্য কৰা ব্যক্তিৰ তিনিৰ পৰা আঠ বছৰৰ কাৰদণ্ড আৰু আঠ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হব। এবাৰ এনে অপৰাধৰ কৰা ব্যক্তিয়ে পুনৰ সেই অপৰাধ কৰিলে তেওঁৰে শাস্তি দুগুনলৈ বৃদ্ধি হব।

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এজন বিষয়া নিয়োগ কৰিব যিয়ে গো মাংস বিক্ৰীৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিব ।

গো সুৰক্ষা বিধেয়ক খন সদনত দাখিল কৰাৰ পিছতেই ভিন্ন মন্তব্য প্ৰকাশ কৰিছে । এআইইউডিএফ বিধায়ক আমিনুল ইছলামে , কয় বিধেয়ক খনত যথেষ্ট আসোঁৱাহ আছে । এই ৰূপত মান্যতা দিলে সমস্যাৰ সৃষ্টি কৰিব । আনগৰাকী বিধায়ক ৰফিকুল ইছলামে বিধেয়কখন বিৰোধিতা কৰি কয়, “বিজেপি চৰকাৰে একপক্ষীয় ভাবে গো মাংস বিক্ৰী আৰু গৰুৰ বেহাৰ ওপৰত নিষেধাজ্ঞা আনিব নোৱাৰে । উত্তৰপূবৰ ৰাজ্যসমূহত গো মাংসৰ ব্যাপক প্ৰচলন আছে এনে অৱস্থাত অসমৰ মাজেৰেই গো সৰবৰাহ হয় । এই বিধেয়কে এই ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব ।

ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক, আমিনুল ইছলামে কয়, “আইনখনৰ বহুখিনি ইতিবাচক দিশ আছে যদিও নেতিবাচক দিশো নথকা নহয়। এই আইনৰ জড়িয়তে বহু পশুপালক ক্ষতিগ্ৰস্ত হ’ব। কাৰণ এই আইনখন প্ৰযোজ্য হোৱাৰ পিছত আগৰ দৰে পশু বিক্ৰী কৰিব নোৱাৰিব পশুপালকসকলে।”
ইছলামে লগতে কয়, “এই আইনৰ কিছু সংশোধনৰ প্ৰযোজনীয়তা আছে।বিধেয়কখন উত্থাপন কৰা শাসকীয় বিজেপি দলক সমালোচনা কৰি আমিনুল ইছলামে কয় যে “BJP, RSSৰ লোকেই দেশত গো-সৰবৰাহ কৰি আছে। মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশৰ দৰে যাতে বিদেশত গৰু বিক্ৰী কৰিব নোৱাৰে তাৰ পদক্ষেপ ল’ব লাগিব।”
অসম চৰকাৰৰ নতুন আইন খনৰ দ্বাৰা সমস্যাৰ সৃষ্টি হলে সীমামূৰীয়া ৰাজ্য মেঘালয় চৰকাৰে বিষয়টোৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিব বুলি উল্লেখ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ।
ৰঙিয়াৰ যুব ব্যবসাসী আইনুল হক চৌধুৰীয়ে এই সম্পৰ্কে নিজৰ মত ব্যক্ত কৰি কয় এনেদৰে , “নতুন গো আইন ভালদৰে কাৰ্যকৰী হলে সমাজত এক ভাল প্ৰভাৱ পৰিব । আইনখন কাৰ্যকৰী কৰণৰ ক্ষেত্ৰত সন্দেহৰ অৱকাশ নিশ্চয় থাকি যাব । ৰাজ্যৰ বহু গো-পালকে দমৰা-বলধ পালন কৰি জীৱিকা কৰি আছে । তেওঁলোকৰ জীৱিকাত প্ৰভাৱ পৰাৰ সম্ভাৱণা আছে । স্হানীয় ভাৱে ব্যৱসায় কৰা লোকসকলৰ ক্ষেত্ৰত এইআইনে ক্ষতি কৰিব ।”

এতিয়া নতুন গো সুৰক্ষা আইনে অসমত চলি থকা গৰুৰ অবাধ গতিৰ পৰিবহন ব্যবস্থাৰ অন্ত পেলাব পাৰিবনে নাই সিও সময়ৰ অপেক্ষাত ।

লগতে পঢ়ক দৰিদ্ৰতাই জীৱনত হাঁহিবলৈ পাহৰালে আনক হঁহুৱা শিল্পীজনক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply