মানকাচাৰ: মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ছাটকৰাইবাৰীত আজি সীমান্ত সুৰক্ষা বাহিনী (BSF)-ৰ গুলীত এজন চোৰাং গৰু সৰবৰাহকাৰী নিহত হয়।
নিহত গৰু সৰবৰাহকাৰী গৰাকীক মানকাচৰৰ পুৰাণ দিয়াৰা গাঁৱৰ ফাৰুক আলম বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে আজি পুৱতি নিশা ছাটকৰাইবাৰী গাঁৱৰ ভাৰত বাংলাদেশ সীমান্তত বাঁহৰ সঁজুলি লুকুৱাই বাংলাদেশলৈ গৰুৰ চোৰাং চালান দিবলৈ চেষ্টা চলোৱা অৱস্থাত সীমান্ত পহৰাৰত নিয়োজিত BSF-ৰ গুলীচালনাত আলমক লক্ষ্য কৰি গুলী চলায়।
মুমূৰ্ষ অৱস্থাত ঘটনাস্থলীৰ পৰা চোৰাং গৰু সৰবৰাহকাৰী গৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিছিল। গুৱাহাটী লৈ যোৱাৰ সময়ত আধা বাটতে মৃত্যু হয় চোৰাং গৰু সৰবৰাহকাৰী। চোৰাং গৰু সৰবৰাহকাৰী গৰাকীৰ মৃতদেহটো ইতিমধ্যে মানকাচৰ আৰক্ষী থানালৈ অনা হৈছে।
ঘটনা সন্দৰ্ভত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক – তাইজুদ্দিন আহমেদৰ এনকাউন্টাৰক পূৰ্ব পৰিকল্পিত আখ্যা পৰিয়াল, গাঁওবাসীৰ