কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাইৰ হালধীবাৰীত আজি পশুধনৰ বিভিন্ন ৰোগৰ প্ৰতিৰোধৰ বাবে পশুধনৰ বিনামূলীয়া টিকাকৰণ শিবিৰ অনুষ্ঠিত হয়।
খুমটাই আঞ্চলিক কৃষক শ্ৰমিক সন্থাৰ উদ্যোগত চংকলা ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত পশুধনৰ চবকা আৰু গল ফুলা ৰোগৰ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক প্ৰদান কৰে।
উল্লেখ যে জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম গোলাঘাট জিলা সমিতিৰ সম্পাদক চন্দন বৰাই আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰা বিনামূলীয়া পশুধনৰ টিকাকৰণ কাৰ্যসূচীত অঞ্চলটোৰ দুশৰো অধিক পশুধনক বিনামূলীয়াকৈ টিকাকৰণ কৰে।
এই টিকাকৰণ কাৰ্যসূচীত চংকলা ৰাজ্যিক পশু চিকিৎসালয়ৰ ক্ষেত্ৰ সহায়ক ৰাতুল বৰবৰা, স্থানীয় যুৱক জয়ন্ত গগৈয়ে পশুধন সমূহক টিকাকৰণ কৰি সহায় কৰে।
কৃষক শ্ৰমিক সন্থাৰ সম্পাদক বাবুল গগৈয়ে আঁতধৰা টিকাকৰণ কাৰ্যসূচীত অঞ্চলটোৰ কেইবাগৰাকী আদৰ্শ কৃষক, গো পালক সকল উপস্থিত থাকি খুমটাই আঞ্চলিক কৃষক শ্ৰমিক সন্থাৰ পদক্ষেপক শলাগ লয় ।
লগতে পঢ়ক – চৰাইদেউ জিলাত স্বাস্থ্য বিভাগৰ দ্বাৰা ডেংগু দিৱস পালন