মঙলদৈ, প্ৰবীণ বৰুৱা: দৰং জিলাত শেহতীয়াকৈ হৈ যোৱা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে শুকুৰবাৰে জিলাখনত কেন্দ্ৰীয় দল উপস্থিত হৈছে।

গৃহ দপ্তৰে গঠন কৰা আন্তঃ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় দলটোত দৰঙলৈ অহা সদস্যসকলৰ ভিতৰত আছে কৃষি মন্ত্ৰ্যালয়ৰ যুটীয়া সঞ্চালক জিন্টু দাস, কেন্দ্ৰীয় জলশক্তি বিভাগৰ অধীক্ষক অভিযন্তা অজয় কুমাৰ সিনহা, কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন বিভাগৰ যুটীয়া সঞ্চালক অমৰেন্দ্ৰ প্ৰতাপ সিং।

তেওঁলোকে মঙলদৈ ৰাজহ চক্ৰৰ আঠীয়াবাৰীত শাকতোলা নদীৰ বান্ধ চিঙি যোৱাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়।

তাৰপিছতে কেন্দ্ৰীয় দলটোৱে পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ভেৰুৱা, গভৰা, দুনী আদি বানৰ কবলত পৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় দলটোৱে উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ লগত জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ ওপৰত আলোচনা কৰে।

লগতে পঢ়ক – মহানগৰীত পুনৰ ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply