সোণাৰি: দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি চৰকাৰে ঘোষণা কৰা “হৰ ঘৰ তিৰংগা” অভিযানৰ প্ৰতি লক্ষ্য কৰি আজি চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত পল বৰুৱাই এক ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰে।

এই অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, সহকাৰী আয়ুক্তসকল ক্ৰমে সমূজ্বল বড়া, জাহ্নৱী গোস্বামী আৰু সুপ্ৰভা ৰয়, অবকাৰী বিভাগৰ উপ-অধীক্ষক হোমেন গগৈ প্ৰমুখ্যে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

উপায়ুক্ত পল বৰুৱাই কেন্দ্ৰীয় চৰকাৰৰ “হৰ ঘৰ তিৰংগা” অভিযানৰ অধীনত জিলাবাসীক অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নিজ নিজ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়। তেওঁ উপায়ুক্ত কাৰ্যালয়ৰ লগতে ইতিমধ্যে জিলাখনৰ ৰাজহ চক্ৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় সমূহত মুকলি কৰা ত্ৰিৰংগা বিক্রী কেন্দ্ৰৰ পৰা আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়।

লগতে পঢ়ক – গুৱাহাটীত জাল নোট চক্ৰ উৎখাত; মহিলা গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply