বৰহাট: যিসময়ত বাহিৰৰ পৰা অহা গামোচা, মেখেলা-চাদৰকে ধৰি বিভিন্ন প্ৰকাৰৰ কাপোৰে অসমৰ বজাৰ দখল কৰিছে চৰাইদেউ জিলাৰ এদল মহিলাই চৰকাৰী আঁচনিৰ বাবে আশা কৰি ৰৈ নাথাকি নিজেই কোপোৰ বৈ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ৷
সৰ্ব্বসাধাৰণ নাগৰিক সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু পূৰ্বজ্যোতি মহিলা সমিতিৰ সহযোগত প্ৰায় ৪৫ গৰাকী মহিলাই একগোট হৈ তাঁতশাল হাতে-কামে লাগি নিজৰ লগতে ঘৰখনৰ বাবে উপাৰ্জনৰ পথ সৃষ্টি কৰিছে।
মহিলাসকলে গামোচা, মেখেলা-চাদৰ, লুঙী, টাৱেল আদি কৰি বিভিন্ন প্ৰকাৰৰ কাপোৰ বৈ বজাৰত বিক্ৰী কৰাৰ ব্যৱস্থা কৰি আহিছে। আনহাতে, বাহিৰৰ পৰা অহা আমদানিকৃত গামোচা-চাদৰে এই থলুৱা শিপিনীসকলক মাধমাৰ শোধাইছে।
উৎপাদিত সামগ্ৰীৰ বজাৰৰ সঠিক মূল্য নাপাই হতাশাত ভুগিছে এই সকল মহিলা৷ সংবাদ মাধ্যমৰ জৰিয়তে মহিলা গোটটোৱে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ যাতে উচিত মূল্য পাব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়।
লগতে পঢ়ক – হঠাৎ আকাশমাৰ্গতে সন্ধানহীন যাত্ৰীবাহী বিমান