গুৱাহাটী : অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দুটা দিন বিধনাসভা উত্তাল হৈ আছিল ৰাজ্য চৰকাৰে লোৱা ঋণকলৈ। আজি অধিৱেশনৰ তৃতীয় দিনা ঋণ সন্দৰ্ভত উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে বিধানসভাত ক’লে অহা বছৰ বৃহৎ পৰিমাণৰ ঋণ ল’ব অসম চৰকাৰে।
মুখ্যমন্ত্ৰীয়ে ক’লে ১,৯০০ খন দলং নিৰ্মাণৰ বাবে ৫ হাজাৰ কোটি ঋণ ল’ব ৰাজ্য চৰকাৰে। মেডিকেল কলেজসমূহত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল নিৰ্মাণৰ বাবে ৩ হাজাৰ কোটিৰ ঋণ, মেডিকেল কলেজ নথকা জিলা হাস্পতালৰ বাবে ২,৫০০ কোটিৰ ঋণ ল’ব চৰকাৰে। আই নদী আৰু ডিব্ৰুগড়ত মথাউৰি নিৰ্মাণৰ বাবেও অসম চৰকাৰে ঋণ ল’ব বুলি বিধনাসভাত জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
বৰ্তমানৰ চৰকাৰখন ঋণত পোত খাই আছে বুলি সদনত বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বুধবাৰে বিধানসভা অধিৱেশনৰ তৃতীয়দিনা মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰে লোৱা ঋণৰ সন্দৰ্ভত সদনত তথ্য দাঙি ধৰে। বিধানসভাৰ অনুমতি অবিহনে কোনো ৰাজ্যই ঋণ ল’ব নোৱাৰে। লগতে ঋণৰ বাবে কেন্দ্ৰৰো অনুমতি লাগিব বুলি সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
কংগ্ৰেছৰ সমানে ঋণ লোৱাৰ কথা প্ৰকাশ কৰি বিৰোধীক একপ্ৰকাৰৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, ‘সম্পদৰ ওপৰত নিৰ্ভৰ কৰে ঋণৰ পৰিমাণ, ৩.০৫ শতাংশ ঋণ লোৱাৰ অনুমতি প্ৰদান কৰিছে সদনে’। সেই নিয়ম মানি ৰাজ্য চৰকাৰে ২২ শতাংশ ঋণ লৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয়, ৰাজ্যত প্ৰতিদিনে ক্ৰমাগতভাৱে জিডিপিও বৃদ্ধি পাইছে। ক’ভিডৰ সময়ত ১২.৫ শতাংশ জিডিপি বৃদ্ধি হোৱাৰ লগতে ঋণৰ সঠিক বিনিয়োগ হ’লে ৰাজ্যৰ উন্নয়নো হ’ব।
লগতে পঢ়ক : দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী
আনহাতে চলিত বৰ্ষত গৌৰৱেৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৪ হাজাৰ কোটি টকাৰ ঋণ ল’ম বুলি প্ৰকাশ কৰাৰ লগতে সদনত ঋণৰ প্ৰয়োজনীয়তা বিচাৰৰ বাবে ৫ জনীয়া সদন কমিটি গঠনৰ প্ৰস্তাৱ, বিৰোধীৰ দাবী মতে শ্বেতপত্ৰ প্ৰকাশৰ আশ্বাস প্ৰদান কৰে।