তেজপুৰ: অজনজাতীয় লোকসকলে ৭৫ বছৰ ধৰি বসবাস কৰাৰ প্ৰমাণ পত্ৰ দাখিল কৰিলেহে বনভূমিত ভূমি পট্টা লাভ কৰিব ৷ কিন্তু জনজাতীয় লোক সকলে কোনোধৰণৰ প্ৰমাণ পত্ৰ দাখিল নকৰাকৈয়ে ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰি থৈছে ৰাজ্য চৰকাৰে।
এই মন্তব্য আগবঢ়াইছে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই। বুধবাৰে তেজপুৰত মুখ্যসচিব গৰাকীয়ে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি সমষ্টিৰ অধীনত জিলা প্ৰশাসনে বন বিভাগৰ লোকক বেদখলকাৰীৰ নাম কৰ্তন কৰাৰ এক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ সন্দৰ্ভত এইদৰে কয় । ইতিমধ্যে ২২ হাজাৰ পৰিয়ালে মাটিৰ পট্টা লাভ কৰাৰ বাবে আবেদন কৰিছে।