গুৱাহাটী, ছৰফৰাজ খান: জনজাতিকৰণৰ দাবীত আজি গুৱাহাটীৰ চচলস্থিত ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া যুৱ সন্মিলন, অসমে।

চুতীয়া যুৱ সন্মিলনৰ অৰ্ধ শতাধিক সদস্যই তেওঁলোকৰ দাবীৰ সমৰ্থনত নাম-প্ৰসংগৰে প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৱে অতি শীঘ্ৰে চুতীয়া জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰদান নকৰিলে অহা ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁলোকে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিপক্ষে যোৱাৰ হুংকাৰ দিয়ে।

উল্লেখযোগ্য যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও দলটোৱে এই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে।

প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা আৰু স্বায়ত্ব শাসিত পৰিষদ গঠন নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ঠাকিব বুকি হুংকাৰ দিয়ে।

লগতে পঢ়ক – House Rent: ঘৰভাড়াতো পৰিশোধ কৰিব লাগিব GST

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply