নিউজ ডেস্ক: WhatsAppত দিনক দিনে প্ৰৱঞ্চকৰ গতিবিধি বৃদ্ধি পাব ধৰিছে। এই প্ৰৱঞ্চকসকলে সাধাৰণতে কোনো প্ৰখ্যাত বা পৰিচিত ব্যক্তিৰ নাম আৰু প্ৰফাইল ফটো ব্যৱহাৰ কৰি বিভিন্ন মানুহৰ পৰা ছদ্মবেশত ধন সংগ্ৰহ কৰে। অলপতে অসম আৰক্ষীয়ে এনে প্ৰৱঞ্চকৰ বিৰুদ্ধে এক সতৰ্কবাণী জাৰি কৰিছে।
আৰক্ষীয়ে জাৰি কৰা উক্ত সতৰ্কবাণী মতে কোনো প্ৰৱঞ্চকে অলপতে এনে উদ্দেশ্যত উত্তৰ-পূবৰ এখন ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ ফটো ব্যৱহাৰ কৰিছিল।
আৰক্ষীয়ে জাৰি কৰা সতৰ্কবাণীত কোৱা হৈছে যে এগৰাকী জ্যেষ্ঠ বিষয়াৰ ফোনৰ কন্টেক্ট লিষ্টৰ unauthorised access লাভ কৰাৰ পিছতে প্ৰৱঞ্চকে তেওঁক ভুৱা প্ৰ’ফাইল সৃষ্টি কৰি তেওঁৰ অধীনস্থ বিষয়া, কৰ্মচাৰীসকললৈ তেওঁ সেই মুহূৰ্তত ফোন কৰিবলৈ বা ফোন উঠাবলৈ অক্ষম আৰু তেওঁৰ হৈ এটা নিৰ্দিষ্ট একাউণ্টত উপহাৰ কাৰ্ড ক্ৰয় বা ধন স্থানান্তৰ কৰিবলৈ অনুৰোধ কৰি WhatsApp বাৰ্তা প্ৰেৰণ কৰা আৰম্ভ কৰে।
নতুন দিল্লীৰ এগৰাকী বিষয়া, উত্তৰ-পূবৰ এখন ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু মুখ্য সচিব তথা কেই গৰাকীমান আই এ এছ আৰু আই পি এছ বিষয়াৰ বেশ ধৰিবলৈও এই কৌশলটো ব্যৱহাৰ কৰা হৈছিল বুলি ইয়াত কোৱা হয়।
আৰক্ষীয়ে এনে কোনো ইমেইল বা বাৰ্তাৰ চিকাৰ নহ’বলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে যিকোনো ধৰণৰ পে’মেণ্ট বা ক্ৰয় কৰাৰ আগতে বা লিংকবোৰত ক্লিক কৰাৰ আগতে ভালদৰে নিশ্চিত হৈ লোৱাৰ লগতে সত্যাসত্য নিৰূপণ কৰি ল’বলৈ কয়।
চিআইডিয়েও এনেধৰণৰ মেছেজ পালে উক্ত মেছেজৰ স্ক্ৰীণশ্বট লৈ থ’বলৈ অনুৰোধ কৰিছে যাতে পৰৱৰ্তী অনুসন্ধানৰ কামত আহে তদুপৰি এনে নম্বৰ পোনপটীয়াকৈ WhatsAppত ৰিপৰ্ট কৰিবলৈ কয়।
ইয়াৰ উপৰি cybercime.gov.in-ত অভিযোগ দাখিল কৰিব পাৰি বুলিও ইয়াত লগতে কোৱা হয়।
লগতে পঢ়ক – গোৱালপাৰত জেহাদী সংগঠনৰ শ্লিপাৰ চেল গঠনৰ কুচকাৱাজ! এজনক গ্ৰেপ্তাৰ