মঙলদৈ, প্ৰবীণ বৰুৱা: দৰং জিলাৰ ধূলা হত্যাকাণ্ডৰ গোচৰত বুধবাৰে অপৰাধ অনুসন্ধানকাৰী বিভাগ (CID)-এ পূব মঙলদৈ ৰাজহ চক্ৰ বিষয়া আশীৰ্বাদ হাজৰিকাৰ ভাড়া ঘৰ ছিল কৰে। ধূলা হত্যাকাণ্ড সংঘটিত হোৱা সময়ত আশীৰ্বাদ হাজৰিকাই দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ দায়িত্বত আছিল। বৰ্তমান তেওঁ মঙলদৈ ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত।

উল্লেখযোগ্য যে যোৱা জুন মাহত ধুলা আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণ কমল বৰুৱা নামৰ এজন এছ এছ বি জোৱানৰ ঘৰত বনকৰা ছোৱালী হিচাপে কাম কৰা এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ ৰহস্যজনক মৃত্যু হৈছিল।

অৱশ্যে পিছত এইয়া এক ধৰ্ষণ আৰু হত্যাকাণ্ড বুলি ধৰা পৰে আৰু যোৱা ছেপ্টেম্বৰ মাহত মূল অভিযুক্ত বৰুৱাৰ বিৰুদ্ধে এখন চাৰ্জশ্বীট দাখিল কৰা হয়।

ইতিমধ্যে চি আই ডিয়ে উক্ত ঘটনা সন্দৰ্ভত দোষীক ৰক্ষণাবেক্ষণ দিয়া তথা আৰক্ষীৰ তদন্ত বিপথে পৰিচালিত কৰাৰ অভিযোগত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ডাঃ অৰুণ ডেকা, ডাঃ অনুপম শৰ্মা আৰু ডাঃ অজন্টা বৰদলৈ আৰু সেই সময়ৰ দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক তথা ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক গ্ৰেপ্তাৰ কৰিছে।

শেহতীয়াকৈ দণ্ডাধিক হিচাপে ঘটনাৰ সন্দৰ্ভত জড়িত থকা ৰাজহ চক্ৰ বিষয়া আশীৰ্বাদ হাজৰিকাৰ মঙলদৈ ৰাজাপামত থকা ভাড়া ঘৰটো দৰং জিলা প্ৰশাসনে মঙলবাৰে নিশা বেৰত নটিজ আৰিছিল আৰু বুধবাৰে দিনৰ ১১ বজাৰ ভিতৰত আদালতত হাজিৰ হ’বলৈ জাননী জাৰী কৰিছিল।

লগতে পঢ়ক – কেবিনেট বৈঠকঃ APDCLৰ স্মাৰ্ট মিটাৰ, আৰক্ষী হ’ব শক্তিশালী, APS-ACS বিষয়াৰ পদোন্নতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply