নিউজ ডেস্ক: হোজাইৰ লামডিঙতত এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ এক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে, মঙলবাৰে আৰক্ষীৰ সূত্ৰই এই কথা জানিব দিয়ে।
প্ৰাপ্ত তথ্য অনুসৰি দশম শ্ৰেণীত অধ্যয়নৰত লামডিঙৰ ছাত্ৰী গৰাকী যোৱা সোমবাৰৰ সন্ধিয়া টিউচন ল’বলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পৰা সন্ধানহীন হৈ আছিল। পিছত মঙলবাৰে নগৰখনৰ কৃষ্ণ বস্তি অঞ্চলত ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
“মঙলবাৰে লামডিঙৰ কৃষ্ণ বস্তি অঞ্চলত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিক তদন্তত এইটো ধৰ্ষণ আৰু হত্যাৰ ঘটনা যেন লাগিছে কিন্তু মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃত্যুৰ আচল কাৰণ জানিব পৰা যাব” এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়।
অৱশ্যে এই সংক্ৰান্তত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি তেওঁ লগতে জানিবলৈ দিয়ে।