তিনিচুকীয়া: মঙলবাৰে সন্ধিয়া এখন দ্ৰুতবেগী ট্ৰেইনৰ খুন্দাত এজন কিশোৰে কৰুণ মৃত্যুক সাবটি লোৱা ঘটনাই তিনিচুকীয়া চহৰত শোকৰ ছাঁ পেলাইছে।
নিহত কিশোৰজনক তিনিচুকীয়া ইংলিছ একাডেমীৰ একাদশ শ্ৰেণীৰ ছাত্ৰ তন্ময় শৰ্মা বুলি চিনাক্ত কৰা হৈছে।
প্ৰত্যক্ষদৰ্শীৰ মতে, মঙলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত কিশোৰজনে মাকুম ৰোডত ৰে’লপথ পাৰ হৈ থকা অৱস্থাত ইণ্টাৰচিটি এক্সপ্ৰেছ ট্ৰেইনখনে তেওঁক মহটিয়াই নিয়ে। ” ৰে’ল লাইনত তেওঁৰ শৰীৰটো টুকুৰা টুকুৰাকৈ পৰি আছিল,” এজন প্ৰত্যক্ষদৰ্শীয়ে কয়।
আন এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে ৰে’লপথ পাৰ হৈ থকাৰ সময়ত কিশোৰজন মোবাইল ফোনত ব্যস্ত আছিল। পিছত ঘটনা স্থলীৰ পৰা কোনো লোকে কিশোৰজনৰ পৰিয়ালক দুৰ্ঘটনা সম্পৰ্কে খবৰ দিয়ে।
ৰে’লৱে আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেই সন্দৰ্ভত তদন্ত চলাই থকা হৈছে।
লগতে পঢ়ক – সমস্যা থকা গ্ৰাহকে আবেদন কৰক,পৰৱৰ্তী মাহত মিলাই ল’ব বিদ্যুৎ মাচুল:মুখ্যমন্ত্ৰী