লখিমপুৰ, পল্লব মিলি: লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনৰ দুই নং দক্ষিণ ৰূপহীত আজি সংঘটিত এক শোকাৱহ ঘটনাত ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰ সোৱণশিৰি নদীত সন্ধানহীন হৈ পৰে।

জানিব পৰা মতে, বিহপুৰীয়া থানাৰ অন্তৰ্গত দংগীবিল বাংগ চিৰুৱানিৰ দুৰ্গা প্ৰসাদ ধুংগেল আৰু ৰাধিকা ধুংগেলৰ ১১ বছৰীয়া পুত্ৰ নিতিশ ধুংগেল যোৱা ১৮ জুলাইত দুই নং দক্ষিণ ৰূপহী স্থিত ককাক দিলিৰাম দাহাল আৰু মোমায়েক ৰাম প্ৰসাদ দাহালৰ ঘৰলৈ গৰম বন্ধত ফুৰিবলৈ আহিছিল।

কিন্তু আজি আৱেলি দুই মান বজাত সোৱণশিৰি নদীৰ পাৰলৈ মামীয়েক ভানু কুমাৰী দাহালৰ লগত মাটি নিবলৈ আহি মাটি কাটি কুৰখন সোৱণশিৰি নদীত ধুবলৈ যাওতেই সোৱণশিৰি নদীত নিৰুদ্দেশ হৈ পৰে ছাত্ৰজন।

পিছত ঘটনা সম্পৰ্কে চাউলধোৱা আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীয়ে এছ ডি আৰ এফক খবৰ দিয়াত সোৱণশিৰি নদীত ছাত্ৰজনৰ সন্ধানত অভিযান চলাই যদিও বাতৰি যুগুত কৰা পৰ্যন্ত শিশুটিৰ কোনো সন্ধান ওলিয়াবলৈ সক্ষম হোৱা নাই।

লগতে পঢ়ক – নগাঁৱত বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ; ৬জনৰ অৱস্থা সংকটজনক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply