টীয়ক : যোৰহাট জিলাৰ টীয়কৰ চেলেংহাটত এগৰাকী ৮ বছৰীয়া কিশোৰী এজন লম্পট জোনাবৰ কামনাৰ বলি হোৱা ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে চেলেংহাটৰ ডালিম বস্তি মছজিদৰ জোনাব ফাৰুক আহমেদে বুধবাৰে দিন দুপৰতে এগৰাকী ৮ বছৰীয়া কিশোৰীক শাৰীৰিক নিৰ্য্যাতন চলায়।
কিশোৰী গৰাকীৰ মাতৃৰ অভিযোগ অনুসৰি অভিযুক্ত ফাৰুক আহমেদে পইচা দি ফুচুলাই মছজিদৰ ভিতৰলৈ নি কিশোৰী গৰাকীৰ ওপৰত অসৎ কাৰ্য্য চৰিতাৰ্থ কৰে।
পিছত ঘটনা সম্পৰ্কত ছোৱালীজনিয়ে পৰিয়ালৰ লোকক অৱগত কৰাত তেওঁলোকে অভিযুক্ত জোনাবক উত্তম মাধ্যম শোধাই আৰক্ষীক চমজাই দিয়ে।
আনহাতে অভিযুক্ত আহমেদে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ অস্বীকাৰ কৰি কিশোৰীগৰাকীৰ পৰিয়ালে পৰিকল্পিতভাৱে তেওঁৰ ওপৰত এই অপবাদ আনিছে বুলি মন্তব্য কৰে।
পৰিয়ালৰ লোকৰ গোচৰৰ ভিত্তিত ঘটনা সম্পৰ্কত টীয়ক আৰক্ষীয়ে আহমেদক আটক কৰি তদন্ত আৰম্ভ কৰিছে। ধৃত আহমেদৰ ঘৰ হোজাইত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক : গ্ৰাহকক মাধমাৰ শোধাই দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য