গুৱাহাটী: মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত নৱ-নিৰ্মিত আৰ্য নগৰ উৰণীয়া সেতু উদ্বোধন কৰি মহানগৰৰ উন্নয়নৰ বাবে চৰকাৰে হাতত লোৱা বহু কেইটা নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰে।
আজি মুখ্য মন্ত্ৰীয়ে কৰা ঘোষণা সমূহৰ ভিতৰত আছে –
১. দীঘলীপুখুৰীৰ সৈন্দিকৈ কলেজৰ পৰা বামুণিমৈদামৰ ছেবা অফিচলৈকে প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘৰ এখন উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব।
২. মালিগাঁও আৰু যু ৰোডৰ উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম ক্ৰমে অহা বছৰৰ বহাগ বিহুৰ পূৰ্বে আৰু ২০২৪ চনৰ বহাগ বিহুৰ পূৰ্বে সম্পূৰ্ণ কৰা হ’ব।
৩. অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথ ৬ লেনযুক্ত কৰাৰ কাম সম্পূৰ্ণ হ’ব।
৪. গৰচুক আৰু বশিষ্ঠত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দুখন উৰণীয়া সেতু আৰু আৰ্য কলেজৰ পৰা লখৰালৈকে চাইকেল ফেক্টৰীৰ ওপৰেৰে আন এখন উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব।
৪. অহা ১-ৰ পৰা ১.৫ বছৰৰ ভিতৰত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব।
৫. ছয় লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিশ্বনাথ চাৰিআলি আৰু ছিপাঝাৰৰ মাজেৰে কুৰুৱা হৈ ব্ৰহ্মপুত্ৰৰ ওপৰেৰে নাৰেংগীক সংযোগ কৰি পুনৰ ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰাকৈ গুৱাহাটীক এটা ৰিং ৰোডেৰে আৱদ্ধ কৰা হ’ব। অহা বছৰৰ আগষ্ট মাহৰ পূৰ্বে এই সমগ্ৰ প্ৰকল্পটোৰ নিৰ্মাণৰ কাম হাতত লোৱা হ’ব।
৬. খানাপাৰাৰ পৰা গুৱাহাটী বিমাণবন্দৰলৈ এটা ৰ’প ৱে নিৰ্মাণ কৰা হ’ব। নিৰ্মাণৰ পাৰম্ভিক কাম ইতিমধ্যে হাতত লোৱা হৈছে।
৭. গুৱাহাটীৰ দুয়োখন পানী যোগান আঁচনি ২০২৪ চনৰ আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য।
৮. গুৱাহাটীৰ চান্দমাৰিত থকা জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ বিভাগৰ বিল্ডিং অহা বছৰৰ প্ৰথমভাগতে তাৰ পৰা স্থানান্তৰ কৰি সেই ঠাইত ১২-১৪ বিঘাৰ এখন উদ্যান নিৰ্মাণ কৰা হ’ব।
৯. গুৱাহাটীত বিভিন্ন চৰকাৰী বিভাগে দখল কৰি থকা মাটিসমূহ অনাগত দিনত মুকলি ঠাইলৈ ৰূপান্তৰ কৰাৰ চিন্তাচৰ্চা কৰি থকা হৈছে।
১০. গুৱাহাটীৰ সকলো সঞ্চালকালয়ৰ কাৰ্যালয়ক ৰাষ্ট্ৰীয় ঘাইপথলৈ উঠোৱাই আনি একে ঠাইতে হোৱাকৈ এটা ‘integrated directorate’ নিৰ্মাণ কৰা হ’ব। নাগাৰ্জুনা কন্সট্ৰাকচন কোম্পানীক ইয়াৰ নিৰ্মাণৰ ঠিকা দিয়া হৈছে।
লগতে পঢ়ক – চাকৰি নিয়মীয়াকৰণৰ প্ৰতিবাদত নমা জলমিত্ৰক কামৰ পৰা আঁতৰাই দিয়া হ’ব: জয়ন্ত মল্ল বৰুৱা