গুৱাহাটী : মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ এদিন পিছতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সকলো বিৰোধী বিধায়ককে বিজেপিত যোগদান কৰিবলৈ আহ্বান জনাইছে।

ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ এৰাক লৈ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত শনিবাৰে মুখ্য মন্ত্ৰীজনে এই মন্তব্য কৰে।

তেওঁ কয়, ‘৫ বছৰ ধৰি বিৰোধী পক্ষত থাকি তেওঁলোকে কি কৰিব? যিহেতু আমি জাতি, ধৰ্ম নিৰ্বিশেষে সকলোকৰে কল্যাণৰ বাবে কাম কৰি আছো মই তেওঁলোকক আমাৰ সৈতে একেলগ হৈ ৰাইজৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছো।’

শুকুৰবাৰে কংগ্ৰেছ ত্যাগ কৰা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অহা সোমবাৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগদান কৰিব।

লগতে পঢ়ক : দুৰ্দান্ত লালৰেছিয়ামি; প্ৰথম গৰাকী মিজো মহিলা অলিম্পিয়ান

ইয়াৰ পূৰ্বে দল বিৰোধী কাৰ্য্যকলাপত জড়িত থকাৰ অভিযোগত বিধায়কজনক কালি পুৱা কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছিল। পিছত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি কুৰ্মীয়ে আনুষ্ঠানিকভাৱে বিধায়ক পদ আৰু কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে।

বিদায়ৰ সময়ত কুৰ্মীয়ে কংগ্ৰেছ নেতৃত্বক কঠোৰ সমালোচনা কৰি দলত কেইগৰাকীমান সদস্যই একনায়কত্ববাদ চলাই থকা অভিযোগ কৰাৰ লগতে দলটোত তৃণমূল কৰ্মীসকল গুৰুত্বহীন হৈ পৰা বুলি কয়।

উল্লেখযোগ্য যে ৰূপজ্যোতি কুৰ্মীৰ উপৰি শুকুৰবাৰে কংগ্ৰেছৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্ৰী জুৰি শৰ্মা বৰদলৈয়ে নিজৰ সৈতে ১৫০ জন সদস্য লৈ দলৰ পৰা পদত্যাগ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply