নিউজ ডেস্ক: ট্ৰেইনৰ খুন্দাত ঘটা হাতীৰ মৃত্যু প্ৰতিৰোধ কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেক (এনএফআৰ) উচ্চ মানৰ প্ৰযুক্তি প্ৰয়োগ কৰিবলৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনায়। শনিবাৰে এন এফ ৰে’লৱেৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক বৈঠকত মুখ্য মন্ত্ৰীয়ে এই আহ্বান জনায়। উক্ত এন এফ ৰেলৱেৰ পৰিচালন সঞ্চালক আনছুল গুপ্তাও উপস্থিত আছিল।

“হাতীৰ কৰিডৰ আৰু ট্ৰেইনৰ খুন্দাত হাতীৰ মৃত্যুৰ দৰে বিষয়বোৰো আলোচনা কৰা হৈছিল। আমাৰ হাতী বিলাকক বচাবলৈ পৰিচালন সঞ্চালকক উচ্চমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ কোৱা হয়,” বৈঠকৰ পিছত শৰ্মাই টুইট কৰি কয়।

উল্লেখযোগ্য যে অসমৰ বিভিন্ন স্থানত হাতীৰ কৰিডৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেলপথত দ্ৰুতবেগী ট্ৰেইনৰ খুন্দাত প্ৰায়ে হাতীৰ মৃত্যুমুখত পৰা বা আঘাতপ্ৰাপ্ত হোৱাৰ ঘটনা ঘটি আহিছে। যোৱা সপ্তাহত যোৰহাট জিলাত সংঘটিত এনে ঘটনাত তিনিটা হাতীৰ মৃত্যু হৈছিল।

বৈঠকত ৰাজ্যত ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু নতুন প্ৰকল্প আৰম্ভ কৰা সন্দৰ্ভত আলোচনা কৰা হয় বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে লগতে কয় যে পল্টন বজাৰৰ দিশৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচনলৈ এটা প্ৰৱেশ পথ নিৰ্মাণৰ বাবে অসম চৰকাৰে এন এফ ৰে’লৱেক ভূমি প্ৰদান কৰিব। 

ইয়াৰ উপৰি আগথোৰী ৰে’ল ষ্টেচনত আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে ৰাজ্য চৰকাৰে এন এফ ৰে’লৱেক ভূমি প্ৰদান কৰিব বুলি শৰ্মাই লগতে জনায়। 

লগতে পঢ়ক – লখিমপুৰত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত দুজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply