নিউজ ডেস্ক : সমগ্ৰ ভাৰততে বৰ্তমান ক’ভিডৰ তৃতীয়টো ঢৌ অব্যাহত আছে। বিশেষকৈ ক’ভিডৰ অ’মিক্ৰণ ভেৰিয়েন্টৰ সংক্ৰমণ ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে। ইয়াৰ মাজতে ভাৰতত ক’ভিড ৰোগীক দিয়া ঔষধক লৈ চিকিৎসা বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰা দেখা গৈছে।
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ ডাঃ জয়ন্ত বিশ্ব শৰ্মাই আজি ফে’চবুকত দিয়া প’ষ্টত ক’ভিডৰ নিৰাময়ৰ বাবে Iverace টেবলেট প্ৰদান কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে। ডাঃ জয়ন্ত বিশ্ব শৰ্মাৰ মতে Iverace টেবলেটত থকা Zink, Doxycycline আৰু Ivermectin উপাদানৰ ক’ভিডৰ নিৰাময়ত কোনো কাম নিদিয়ে।
ফে’চবুকত দিয়া প’ষ্টটোত তেওঁ কয়, ‘এইটো ভাৰতত কভিড-১৯ৰ নিৰাময় বুলি দিয়া হৈ আছে। ইয়াতকৈ আত্মপ্ৰৱঞ্চনা বা ভুৱা থাকিব নোৱাৰে। ইয়াত Zink, Doxycycline আৰু Ivermectin মিহলাই এটা কৰা হৈছে। Zink এবিধ মিনাৰেল, কভিডত একো কাম নাই। Doxycycline এবিধ এন্টিবায়টিক। ডাক্তৰে অবাবত এন্টিবায়টিক দিয়া এক প্ৰকাৰে অপৰাধ। এন্টিবায়টিকে ভাইৰেল অসুখত কাম নকৰে। Ivermectin এবিধ পেলুৰ ঔষধ। যোৱাবাৰ যেনেকৈ মেলেৰিয়াৰ ঔষধ দিছিল, এইবাৰ পেলুৰ।
মই সপোনতো ভবা নাছিলো এই ধৰণৰ কথা হৈছে।’

উল্লেখযোগ্য যে ভাৰতত ক’ভিডৰ প্ৰথম আৰু দ্বিতীয়টো পৰ্য্যায়ত ৰোগীসকলক hydroxychloroquine, convalescent plasma therapy, ivermectin, favipiravir, doxycycline আৰু এণ্টিবায়’টিক প্ৰদান কৰা হৈছিল।
উক্ত ঔষধসমূহৰ কাৰ্য্যকাৰিতা সম্পৰ্কে সেই সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ চিকিৎসা বিশেষজ্ঞসকলে ক’ভিডৰ চিকিৎসাৰ ক্ষেত্ৰত পূৰ্বৰ ভূলসমূহ যাতে পুনৰাবৃত্তি কৰা নহয় তাৰ প্ৰতি সাৱধান হ’বলৈ পৰামৰ্শ দিছে।
লগতে পঢ়ক – এজনীয়া শিক্ষকেৰে চলিছে বোকাখাতৰ এইখন প্ৰাথমিক বিদ্যালয়