নিউজ ডেস্ক: দেশৰ বিশিষ্ট উদ্যোগপতি টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাক আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ বঁটা প্ৰদান কৰে।

মহানগৰী মুম্বাইৰ কোলাবাত থকা তাজ ৱেলিংটন মেউছত আয়োজন কৰা বিশেষ অনুষ্ঠানত উৰস্থিত থাকি মুখ্য মন্ত্ৰী শৰ্মায়ে বিশিষ্ট উদ্যোগপতি গৰাকীক নিজ হাতেৰে উক্ত সন্মান প্ৰদান কৰাৰ লগতে ফুলাম গামোচাৰে উদ্যোগপতি গৰাকীক সম্বৰ্ধনা জনায়।

অসম বৈভৱ বঁটাত এখন প্ৰশংসাপত্ৰ, এটা পদক আৰু ৫ লাখ টকা প্ৰদান কৰা হয়। ৰতন টাটালৈ অসমত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ সেৱাৰ প্ৰতি স্বীকৃতি জনাই এই সন্মান প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ২৪ জানুৱাৰীত গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ বাবে ৰতন টাটাক আজি মুম্বাইত মুখ্য মন্ত্ৰীয়ে ‘অসম বৈভৱ’ বঁটাৰে সন্মানিত কৰে।

লগতে পঢ়ক – OnePlus-এ বৃহস্পতিবাৰে মুকলি কৰিব নতুন স্মাৰ্টফোন OnePlus Nord CE 2 5G

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply