নিউজ ডেস্ক : মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটত উপস্থিত হৈ ঘৰে ঘৰে ক’ভিডৰ টীকাকৰণৰ ব্যৱস্থা কৰিবলৈ চিকিৎসা বিষয়া নিয়োগ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে।

বুধবাৰে জিলাখনৰ ক’ভিড পৰিস্থিতি পৰ্য্যবেক্ষণ কৰি জিলা উপায়ুক্ত মৃগৃশ নাৰায়ণ বৰুৱা আৰু স্বাস্থ্য বিষয়া সকলক দৈনিক ১০,০০০ লোকক টীকাকৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে চাহ বাগিচা অঞ্চল, অংগনবাড়ি কেন্দ্ৰ তথা প্ৰাৰ্থমিক বিদ্যালয় সমূহত জল জীৱন অভিযানৰ অধীনত খোৱা পানী ব্যৱস্থা সংগযোগ কৰিবলৈ কয়।

তেওঁ দেৰগাঁও আৰু গোলাঘাট সংযোগী পথটো চাৰি লে’নলৈ সম্প্ৰসাৰণ কৰা কাম আৰম্ভ কৰিবলৈ গড়কাপ্তানী বিভাগত নিৰ্দেশ দিয়ে। তদুপৰি মুখ্য মন্ত্ৰীয়ে গড়কাপ্তানী বিভাগক দেৰগাঁও আৰু সৰুপথাৰত স্পৰ্ট কম্প্লেক্স নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰীয়ে জিলাখনত স্থাপন কৰিব লগীয়া চিকিৎসা মহাবিদ্যালয়ৰ বাবে ভূমি ঠিক কৰিবলৈ উপায়ুক্ত গৰাকীক নিৰ্দেশ দিয়ে।

লগতে পঢ়ক : আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্ম দিন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply