নিউজ ডেস্ক: মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোক নিৰ্মাণ (পথ) বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ ২০২৬ চনৰ ভিতৰত কেইবাটাও বৃহৎ প্রকল্প নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
বৃহস্পতিবাৰে গুৱাহাটীৰ ফটাশিল আমবাৰীস্থিত অসম পথ গৱেষণা আৰু কাৰিকৰী প্ৰতিষ্ঠানত অনুষ্ঠিত এক বৈঠকত মুখ্য মন্ত্ৰীয়ে এই নিৰ্দেশ দিয়ে। উক্ত বৃহ প্রকল্পসমূহৰ ভিতৰত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ২,৬০৮ কোটি টকা ব্যয়সাপেক্ষ নির্মাণ হ’বলগীয়া প্ৰস্তাৱিত দলং, ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছি সংযোগী ৩,১৯৭ কোটি টকা ব্যয়সাপেক্ষ নির্মাণ হ’বলগীয়া দলঙো আছে।
আনহাতে, অসম মালাৰ অধীনৰ প্ৰকল্পসমূহো এই সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে নির্দেশ দিয়ে। অসম মালাৰ প্রকল্পসমূহৰ ভিতৰত প্ৰথম পৰ্যায়ত খৰচ হ’ব ৩,৫১৯ কোটি টকা, দ্বিতীয় পর্যায়ত ৩,৯৯৮ কোটি টকা, তৃতীয় পর্যায়ত প্রায় ৩,৮০০কোটি টকা।
বৈঠকত সৰ্বমুঠ ৪,০০০ কোটি টকা প্রকল্প ব্যয়েৰে ১,১০০খন কাঠৰ দলং পকী দলঙলৈ ৰূপান্তৰকৰণৰ লগতে ৰাজ্যিক সম্পদ প্রকল্প ব্যয়ৰ বাহিৰেও কাৰ্যকৰীকৰণ বা অনুমোদন প্রক্রিয়াত থকা ২৫,০০০ কোটি টকাৰ প্ৰকল্পৰ বিষয়েও মুখ্য মন্ত্রীয়ে বিভাগটোৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।
বৈঠকত অসম চৰকাৰৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্পাই, বিশেষ সচিবদ্বয় বিভূতি শইকীয়া আৰু দিব্যজ্যোতি চহৰীয়া, লোক নিৰ্মাণ (পথ) বিভাগৰ মুখ্য অভিযন্তা সঞ্জীর শ্যাম, লোক নির্মাণ (সীমান্ত) বিভাগৰ মুখ্য অভিযন্তা অলোক কুমাৰ দাস, মুখ্য অভিযন্তা (ই এ পি) পৱন টোঙকে ধৰি অন্যান্য বিষয়াসকলো উপস্থিত আছিল।
লগতে পঢ়ক – মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকিব নোৱাৰিব প্ৰাক্তন ছাত্ৰ-ছাত্ৰী: মুখ্যমন্ত্ৰী