নিউজ ডেস্ক : মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অসম চৰকাৰৰ বিত্ত বিভাগৰ বিষয়াসকলৰ সৈতে ‘নতুন বিত্তীয় আৰ্কিটেকচাৰ-ডি এফ পি নিয়ম সংশোধন’ সম্পৰ্কীয় এক কৰ্মশালাত অংশগ্ৰহণ কৰে।

উক্ত কৰ্মশালাত মন্ত্ৰী অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, ৰণোজ পেগু আৰু ইউ জি ব্ৰহ্ম উপস্থিত থাকে।

মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰে যে ডি ডি অ’ৰ দ্বাৰা পুঁজিৰ দ্ৰুত ব্যৱহাৰৰ বাবে এফ অ’ চি প্ৰক্ৰিয়াসমূহৰ সৰলীকৰণ, ড্ৰয়িং পেটাৰ্ন, finassam.in পৰ্টেলৰ জৰিয়তে এফ অ’ চিৰ ডিজিটাইজেচন আদি সংস্কাৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

নতুন স্থাপত্য নীতিৰ অধীনত ৩খন নতুন সমিতি গঠন কৰা হৈছে— বিভাগীয় বিত্ত সমিতি, স্থায়ী বিত্ত সমিতি আৰু বিশেষ স্থায়ী বিত্ত সমিতি।

বিভাগীয় বিত্ত সমিতি – বিভাগৰ জ্যেষ্ঠতম সচিবগৰাকী এই সমিতিৰ অধ্যক্ষ হিচাপে থাকিব। ২ কোটি টকালৈকে বিত্তীয় অনুমোদনৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীৰ হাতত কৰ্তৃত্ব থাকিব।

স্থায়ী বিত্ত সমিতি – মুখ্য সচিবগৰাকী এই সমিতিত অধ্যক্ষ হিচাপে থাকিব। ২ কোটিৰ পৰা ১০ কোটি টকালৈকে বিত্তীয় অনুমোদনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিভাগীয় মন্ত্ৰীৰ যোগেদি অনুমোদন জনাব পাৰিব।

বিশেষ স্থায়ী বিত্ত সমিতি – বিত্তমন্ত্ৰী এই সমিতিৰ অধ্যক্ষ হিচাপে থাকিব। ১০ কোটিৰ পৰা ১০০ কোটি টকালৈকে অনুমোদনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিভাগীয় মন্ত্ৰীৰ যোগেদি অনুমোদন জনাব পাৰিব। ১০০ কোটি টকাতকৈ অধিক বিত্তীয় অনুমোদনৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটৰ অনুমোদনৰ প্ৰয়োজন হব।

এফ এছ-ৰ ওপৰত আধাৰিত ‘চিলিং নিৰ্ধাৰণ প্ৰস্তাৱ’ (FOC) প্ৰশাসনিক বিভাগৰ জৰিয়তে ৰাউটিং নকৰাকৈ অনলাইন পৰ্টেলৰ জৰিয়তে বিভাগীয় মুৰব্বীয়ে পোনপটীয়াকৈ বিত্ত বিভাগৰ ওচৰত দাখিল কৰিব।

অৱশ্যে, প্ৰশাসনিক বিভাগক দাখিল কৰা এফ এছ (প্ৰদান)/ এফ অ’ চি প্ৰস্তাৱসমূহ নিৰীক্ষণ কৰিবলৈ অনলাইন পৰ্টেলত প্ৰৱেশাধিকাৰ প্ৰদান কৰা হ’ব।

প্ৰশাসনিক অনুমোদনৰ ক্ষেত্ৰত  বিভাগসমূহে সংশ্লিষ্ট একাউণ্ট মুৰব্বীৰ অধীনত বাজেট আবণ্টন দুগুণ কৰাৰ হকে সীমিত পৰিমাণৰ বাবে অনুমোদন প্ৰদান কৰিব।

 চি এছ এছ, আৰ আই ডি এফ, কেন্দ্ৰীয় খণ্ডৰ আঁচনি, এন ই চি/নন-লেপেবল চেণ্ট্ৰেল পুল অৱ ৰিছ’ৰ্চেছ আৰু ই এ পি-ৰ অধীনৰ প্ৰকল্প/আঁচনিৰ বাবে, ভাৰত চৰকাৰ/পুঁজি সংস্থাৰ দ্বাৰা প্ৰকল্পৰ অনুমোদিত পৰিমাণৰ সমান হাৰত প্ৰশাসনিক অনুমোদন প্ৰদান কৰা হ’ব পাৰে।

একেটা বিত্তীয় বৰ্ষত অতিৰিক্ত বাজেট আবণ্টনৰ বাবে, প্ৰশাসনিক অনুমোদন প্ৰদান কৰাৰ পৰিসৰ অতিৰিক্ত পুঁজি আবণ্টনৰ দুগুণ বৃদ্ধি হ’ব।

লগতে পঢ়ক : শিৱসাগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত মেঘ নিধি দাহালৰ কাৰ্যভাৰ গ্ৰহণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply