চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে চলাই যোৱা তীক্ষ্ণ মন্তব্য আজিৰ উজনি অসম ভ্ৰমনৰ সময়তো দেখা গ’ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভাত বক্তব্য ৰাখি কয়, মাৰোৱাৰীৰ পৰা পইচা লৈ বিহু পতাতকৈ মাৰোৱাৰীকে বিহু পাতিবলৈ দিব লাগে। জাতীয় সংগঠন সমূহে চান্দা তোলাক লৈ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, ফাচিবজাৰৰ পৰা চান্দা তোলাৰ ফলত বেপাৰীসকলে যেতিয়া বস্তুৰ দাম বঢ়াই তেতিয়া একেসকলেই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামে।

আছুকেই আওপকীয়াকৈ কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘মুখেৰে জয় আই অসম কওঁ কিন্তু চাউলকেইটাৰ বাবেও বিহাৰৰ ওপৰত নিৰ্ভৰশীল।’ ঘৰুৱা উৎপাদন বৃদ্ধি নকৰিলে এখন শক্তিশালী ৰাজ্য হিচাবে কেতিয়াও হ’ব নোৱাৰো বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়াৰ ৰাজহুৱা সভাত মত ব্যক্ত কৰে। প্ৰত্যেকটো কথাতে কেন্দ্ৰৰ ওচৰত হাত পতা মনোবৃত্তি লৈ থাকিলে আমি কেনেকৈ স্বাবলম্বী হ’ব পাৰিম বুলি মুখ্যমন্ত্ৰীয়ে বক্তব্যত উল্লেখ কৰে।

তিনিচুকীয়াত অনুষ্ঠিত সভাত মাইক্ৰফাইনেন্স ঋণ লোৱা ৫০০০ গৰাকী মহিলাক ঋণ মাফ কৰি চেক বিতৰণ কৰে।

য়াৰ পূৰ্বে চাবুৱাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মায়ামৰা দিনজয় সত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সদ্যপ্ৰয়াত সত্ৰাধিকাৰ তথা সাংস্কৃতিক সাধক, বিশিষ্ট শিক্ষাবিদ যোগদানন্দ গোস্বামীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সত্ৰাধিকাৰ প্ৰয়াত শ্ৰীশ্ৰী যোগদানন্দ দেৱগোস্বামীৰ পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ১৬ জানুৱাৰীত দেহাৱসান ঘটিছিল সত্ৰাধিকাৰগৰাকীৰ। মুখ্যমন্ত্ৰীৰ লগতে সত্ৰত উপস্থিত মন্ত্ৰী অতুল বৰা, বিধায়ক পোনাকণ বৰুৱা।

আনহাতে ডুমডুমাৰ দহোটীয়া গাঁওস্থিত দিচাম দেৱ সত্ৰলৈ গৈ সেৱা আগবঢ়োৱাৰ লগতে পৰম পূজনীয় সত্ৰাধিকাৰ শ্ৰীশ্ৰীবাবুল দহোটীয়াদেৱৰ আশীৰ্বাদ লয়। সত্ৰখনৰ ভকত, আই-মাতৃ সকলৰ উপস্থিতিত আধ্যাত্মিক পৰিৱেশত মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু সময় কটাই।

লগতে পঢ়ক- অৰুণাচলৰ টাৱাঙত উৰিল দেশৰ ভিতৰতে দ্বিতীয় সুউচ্চ পতাকা

মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰাত অৱস্থিত শ্বহীদ মণিৰাম দেৱানৰ সমাধিস্থল দৰ্শন কৰি মহান স্বাধীনতা সংগ্ৰামীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চিনামৰা চাহ বাগিচাতো স্বাধীনতা সংগ্ৰামীগৰাকীৰ এটি পূৰ্ণাৱয়ব মূৰ্তি স্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply