বোকাখাত, উত্তম কুমাৰ শৰ্মা: বিৰু পানিকা, বোকাখাতৰ এই দহ বছৰীয়া শিশুটিয়ে বিগত ৮ বছৰে ভুগি আছে দৃষ্টিহীনতাত। জন্মৰ ডেৰ বছৰলৈকে কিছু পৰিমাণে দৃষ্টিশক্তি আছিল যদিও বয়স বঢ়াৰ লগে লগে শিশুটিৰ দৃষ্টিশক্তি লোপ পাবলৈ ধৰে।

বিৰু পানিকা বোকাখাতৰ লখৌজানৰ ঘগৰাপথাৰ গাঁৱৰ সঞ্জীৱ পানিকা আৰু অনিমা পানিকাৰ দ্বিতীয় সন্তান। গাড়ীৰ যোগালি হিচাপে কাম কৰা সঞ্জীৱ পানিকাই ইমান বছৰে আৰ্থিক দৈন্যতাৰ বাবে ৰোগাক্ৰান্ত পত্নীৰ লগতে দৃষ্টিহীন পুত্ৰৰ চিকিৎসাৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাছিল।

শিশুটিৰ আঢ়ৈ বছৰ বছৰ বয়সত যোৰহাটৰ লায়ন্স ক্লাবে আয়োজন কৰা এক চিকিৎসা শিবিৰত চিকিৎসকৰ দলে পিতৃ -মাতৃক সন্তানৰ চকুৰ চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিছিল যদিও দুবেলা দুমুঠি কোনো মতে জোগাৰ কৰি জীৱন নিৰ্বাহ কৰা শ্ৰমিক পৰিয়ালটোৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল।

ইয়াৰ মাজতে যোৱা ৭ জানুৱাৰীত বোকাখাতৰ প্ৰাক্তন ছাত্ৰ নেতা নৱজ্যোতি ৰাজখোৱাৰ লগতে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য আকাশ ফুকনৰ জৰিয়তে দৃষ্টিহীন বিৰুৱে এটা ব্যক্তিগত টিভি চেনেলে আয়োজন কৰা ‘আশা নৱজীৱনৰ প্ৰয়াস’ শীৰ্ষক এক অনুষ্ঠানত অংশ লোৱাৰ সুবিধা লাভ কৰে।

উক্ত অনুষ্ঠানত ভাগ লৈছিল ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে বিৰুৰ দৃষ্টিশক্তি ঘুৰাই অনাৰ ক্ষেত্ৰত পৰ্যাপ্ত চিকিৎসা ব্যৱস্থাৰ আশ্বাস প্ৰদান কৰিছিল। আৰু সেই অনুসৰিয়ে আজি মুখ্য মন্ত্ৰী গৰাকীৰ উদ্যোগতে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা হাইদৰাবাদলৈ উৰা মাৰিলে কনমাণি বিৰু পানিকাই।

জানিব পৰা মতে হাইদৰাবাদৰ L.V. Prashad Eye Institute-ত শিশুটিৰ উন্নতমানৰ চকুৰ চিকিৎসা চলিব। মুখ্য মন্ত্ৰীৰ প্ৰচেষ্টাতে অহা-যোৱাৰ উপৰিও সম্পূৰ্ণ বিনামূলীয়াকৈ চলিব এই চিকিৎসা।এইক্ষেত্ৰত আৰ্থিক সহযোগিতাৰ উপৰিও বিশেষভাৱে উদ্যোগ লৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য আকাশ ফুকনে।

ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত শিশুৰ বাবে মুখ্য মন্ত্ৰী গৰাকীয়ে আগবঢ়োৱা এই পদক্ষেপক কৃতজ্ঞতা জনাইছে ভুক্তভোগী পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে।

লগতে পঢ়ক – মাজুলীত সন্ত্ৰাস চলাই থকা গঁড়টোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply