নিউজ ডেস্কঃ মঙলবাৰে পুৱা অসমৰ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগাভ্যাস কৰে।
মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য়ৰ লগতে কেইবাগৰাকীয়ো বিজেপি নেতাই যোগদান কৰে।
যোগাসনৰ প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে বিধায়ক ৰামকৃষ্ণ ঘোষে।
সুস্বাস্থ্য কামনাৰে ৰাজ্যিক বিজেপিৰ সপ্তাহজোৰা যোগাসন শিবিৰ অনলাইন যোগে মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে। সমগ্ৰ অসমৰ বিজেপিৰ কাৰ্যালয়তে এসপ্তাহলৈ হ’ব এই শিবিৰ।
আৰু পঢ়কঃচৰকাৰী কৰ্মচাৰীয়ে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্যপুঁজিলৈ আগবঢ়াব