গুৱাহাটীঃ শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰ্যালোচনাৰ কেন্দ্ৰীয় চৰকাৰে পিছত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাক Z+ কেটেগৰীলৈ উন্নীতকৰণ কৰে।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীক চিআৰপিএফ কমাণ্ডোসকলৰ ‘Z’ কেটেগৰী প্ৰদান কৰা হৈছিল।
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এক পৰ্যালোচনা পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সৰ্বভাৰতীয় ভিত্তিত ‘Z+’ নিৰাপত্তা প্ৰদান কৰা হৈছে।
উল্লেখ্য যে, Z+ নিৰাপত্তা হৈছে ভাৰতৰ যিকোনো ব্যক্তিক প্ৰদান কৰা সৰ্বোচ্চ স্তৰৰ সুৰক্ষা। নিৰাপত্তাৰ এই কেটেগৰীত প্ৰায় ৫৫ জন নিৰাপত্তীৰক্ষী কোনো এজন বিশেষ লোকৰ নিৰাপত্তাত নিয়োজিত হৈ থাকে। ইয়াৰ ভিতৰত, ১০ জনতকৈ অধিক এনএছজি কমাণ্ডো আৰু বাকীসকল আৰক্ষী বাহিনীৰ বিশেষভাৱে দক্ষ নিৰাপত্তাৰক্ষী।