গুৱাহাটীঃ আই আই টি, খড়গপুৰৰ ছাত্ৰ তিনিচুকীয়াৰ ফাইজুলৰ মৃত্যু সন্দৰ্ভত তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পত্ৰ প্ৰেৰণ কৰিছে।
মুখ্যমন্ত্ৰী শৰ্মাই মমতা বেনাৰ্জীক ফাইজুলৰ মৃত্যুৰ পৰিস্থিতিৰ পুংখানুপুংখ ভাৱে তদন্তৰ বাবেও অনুৰোধ জনাইছে।
১৪ অক্টোবৰত আইআইটি খড়গপুৰৰ তৃতীয় বৰ্ষৰ কম্পিউটাৰ বিজ্ঞানৰ ছাত্ৰ তিনিচুকীয়া জিলাৰ ফাইজুল আহমেদক তেওঁৰ হোষ্টেলৰ কোঠাত মৃত অৱস্থাত পোৱা গৈছিল।
ফাইজুলৰ পিতৃ-মাতৃয়ে মৃতদেহ পৰ্যবেক্ষণ কৰাৰ পিছত খড়গপুৰ আৰক্ষী, পশ্চিম বংগৰ পশ্চিম মেদিনীপুৰ আৰক্ষী আৰু খড়গপুৰ (নগৰ) আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শকক তদন্তৰ বাবে অনুৰোধ জনাই গোচৰ ৰুজু কৰিছিল কিন্তু কোনো পদক্ষেপ হাতত নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। পুত্ৰৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰিছিল ফাইজুলৰ পিতৃয়ে।
মেধাৱী ছাত্ৰ ফাইজুলৰ অকাল মৃত্যুত তিনিচুকীয়াৰ লগতে সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। ফাইজুলৰ পিতৃ-মাতৃৰ লগতে অসমৰ বিভিন্ন দল-সংগঠনেও ফাইজুলৰ মৃত্যুৰ তদন্তৰ বাবে আহ্বান জনাইছে।