গুৱাহাটী: অহা ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি এই সন্দৰ্ভত আলোচনাৰ বাবে মুখ্যমন্ত্ৰী ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সিঙত মিলিত হয়। সেই অনুসৰি –
- পৰীক্ষা অনুষ্ঠিত হ’বলীয়া ২৫ খন জিলাত পৰীক্ষা চলি থকা সময়খিনিত (দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ আৰু ২-ৰ পৰা ৪ বজালৈ) দুঘণ্টাকৈ মোবাইল ইন্টাৰনেট সেৱা বন্ধ থাকিব।
- পৰীক্ষা চলি থকা গোটেই সময়খিনি ভিডিঅ’গ্ৰাফি কৰি ৰখা হ’ব।
- কোনো বিষয়াই পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন নিব নোৱাৰিব। পৰীক্ষা নিৰীক্ষকে কেন্দ্ৰৰ ইন-চাৰ্জৰ হাতত মোবাইল ফোন জমা দি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰি লাগিব।
- দুয়োটা দিনতে পৰীক্ষা অনুষ্ঠিত হ’ব লগীয়া জিলাসমূহত ১৪৪ ধাৰা বলৱৎ কৰা হ’ব।
- বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ ক্ষেত্ৰত পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰমাণ-পত্ৰ দেখাব লাগিব।
- প্ৰাৰ্থীসকলৰ বাবে পৰীক্ষা কেন্দ্ৰলৈ আহিবলৈ পাব্লিক ট্ৰান্সপ’ৰ্টৰ ব্যৱস্থা কৰা হ’ব ।
প্ৰশ্নকাকত যাতে লিক নহয় বা নিযুক্তিত যাতে কোনো খেলিমেলি নহয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইক্ষেত্ৰত জিলা উপাযুক্ত সম্পূৰ্ণ দায়বদ্ধ হ’ব।
উল্লেখযোগ্য যে ৰাজ্যত বিভিন্ন বিভাগৰ অধীনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় ৩০ হাজাৰ পদত নিযুক্তিৰ বাবে অহা ২১ আৰু ২৮ আগষ্টত নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। প্ৰায় ১৪ লাখ প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক – দীঘলীপুখুৰীপাৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ