নিউজ ডেস্ক: নতুন কমতাপুৰ ৰাজ্য গঠনক লৈ সৰৱ চৰ্চাৰ মাজতে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ অসম ভৱনত কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা আৰু আই বিৰ মুৰব্বী তপন ডেকাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

জানিব পৰা অনুসৰি, বৈঠকত পৃথক কমতাপুৰ ৰাজ্যক লৈ দীৰ্ঘদিন সশস্ত্ৰ সংগ্ৰাম অব্যহত ৰখা কে এল অ’ৰ দাবীসমূহ কিদৰে আলোচনাৰ মাধ্যমৰে সমাধান কৰিব পাৰি সেই সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়া দুগৰাকীৰ সৈতে আলোচনা কৰে। 

যিহেতু প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যত অসমৰ বহুকেইখন জিলা অন্তভুক্ত হৈছে সেই বিষয়টো বৈঠকত গুৰুত্বসহকাৰে আলোচনা কৰা হয়।

অহা শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে দিল্লীত কমতাপুৰ সন্দৰ্ভত আৰু জনগোষ্ঠীটোৰ বিভিন্ন দাবীসমূহ আলোচনা কৰাৰ মাধ্যমেৰে এখন বৈঠক আয়োজন কৰাৰ লগতে বৈঠকখনত কোঁচ ৰাজবংশীৰ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কেইবাটাও দল-সংগঠনক নিমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্যযোগ্য যে, কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজ্যেশনৰ (কে এল অ’) অধ্যক্ষ টিমিৰ দাস ওৰফে জীৱন সিংহই ৮ জন সতীৰ্থ সৈতে ম্যানমাৰৰ গভীৰ অৰণ্য ত্যাগ কৰি বুধবাৰৰ পৰা দিল্লীত সেনাৰ দৃষ্টি নিক্ষেপনত বাস কৰি আছে। অতি সোনকালে তেওঁ চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’ব যদিও প্ৰথম পৰ্যায়ত আলোচনাত তেওঁ নাথাকে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক – জি-২০ৰ প্ৰতিনিধিৰ বাবে ৪ ফেব্ৰুৱাৰীত বন্ধ থাকিব কাজিৰঙাৰ ৩টা বনাঞ্চল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply