লখিমপুৰ, পল্লৱ মিলি: শুকুৰবাৰে মূখ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত ‘বিকাশৰ বাবে এটা পষেক’ৰ অধীনত ১০৩১.৬৮ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে।

এই উদ্দেশ্যে জিলাখনৰ ঐতিহাসিক জংকী-পানৈ ক্ষেত্রত অনুষ্ঠিত মুখ্য মন্ত্ৰীয়ে ১৩টা প্ৰকল্প উদ্ধোধন কৰাৰ লগতে ১৩ টা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

প্ৰকল্পসমূহৰ ভিতৰত ৩৮৪ কোটি টকা ব্যয় সাপেক্ষ ঘূনাসঁতী সংযোগী সোৱণশিৰী নদীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া প্ৰায় পকী দলং, ৯ কোটি টকাৰ ব্যয় সাপেক্ষে লখিমপুৰৰ চুতীয়াকাৰীত নিৰ্মাণ সম্পূর্ণ হোৱা তাৰকা গৃহ, প্ৰায় ১৩ কোটি টকাৰে নিৰ্মাণ কৰা বাইপাছ মুকলি, লখিমপুৰ জিলা আন্তৰাজ্যিক বাছ আৰু ট্ৰাক আস্থানকে ধৰি বিভিন্ন আচঁনিৰ আধাৰশিলা স্থাপন আৰু ভূমি পুজনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। 

অনুষ্ঠানত মূখ্য মন্ত্রীৰ লগত উপস্থিত থাকে মন্ত্রী কেশৱ মহন্ত, ৰণোজ পেগু, অতুল বৰা, নন্দিতা গাৰ্লোচা সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, অমিয় ভূঞা, নৱ কুমাৰ দলে, ভূৱন পেগু, অমীয়  ভূঞা।

লগতে পঢ়ক – জল জীৱন মিছনত ওলাইছে চাকৰি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply