নিউজ ডেস্ক: মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অংশস্বৰূপে মাজুলীত ৮৯৪ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ আধাশিলা আৰু ৪টা নিৰ্মাণ প্ৰকল্প উদ্বোধন কৰে।
‘অসম মালা’ আঁচনিৰ অধীনত ৬৯৪ কোটি টকা ব্যয়সাপেক্ষ ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ ওপৰত দুখন দলঙকে ধৰি মাজুলীৰ বালিচাপৰিৰ পৰা পথৰ উন্নীতকৰণৰ বাবে ভূমি পূজন কৰি মুখ্য মন্ত্ৰীয়ে আজিৰ দিনটো মাজুলীৰ বাবে এটা বিশেষ দিন বুলি অভিহিত কৰে।
আনহাতে, কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, নন্দিতা গাৰ্লোছাকে ধৰি সাংসদ প্ৰদান বৰুৱা আৰু কেইবাগৰাকীও বিধায়ক উপস্থিত থকা অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে বালিচাপৰিক দলঙৰ সৈতে সংযোগ কৰিবলগীয়া পথটো নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰে।
ইযাৰ উপৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ মূল চৌহদ, মাজুলীৰ বনগাঁৱত থকা চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উন্নীতকৰণ, অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ সহযোগত চেণ্ট্ৰেল মিড ডে মিল কিচেন, জাবৰচুকৰ পৰা হালধিবাৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এটা বান্ধ, ছটা পথ, মাজুলীত কেইবাটাও ৩৩x১১ কে ভি পাৱাৰ চাব ষ্টেচনৰ আধাৰশিলা স্থাপন কৰে।
লগতে পঢ়ক – হিমাচল প্ৰদেশৰ নতুন মুখ্য মন্ত্ৰী হিচাপে শপতগ্ৰহণ সুখবিন্দৰ সিং সুখুৰ