২০২২ বৰ্ষৰ প্ৰথমটো দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সম্পাদকসকলৰ সৈতে মত বিনিময় কৰি ৰাজ্যখনৰ সম্পৰ্কে বহুকেইটা গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই।

মুখ্যমন্ত্ৰীয়ে লগতে নতুন বছৰটোত কি কি কাৰ্যপন্থাৰে চৰকাৰ আগবাঢ়িব, সেইলৈও বিশদ ভাবে মন্তব্য দাঙি ধৰে। বছৰৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা গ’ল অসম লোকসেৱা আয়োগ, অসমীয়া ভাষা, অসম চুক্তিৰ ছয় নং দফা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ।

অসম চুক্তিৰ ছয় নং দফাক লৈ আমি আগবাঢ়িব পৰা নাই বুলি কোৱাৰ লগতে আছুৰ লগত কথা পাতি থকা কথাটো উল্লেখ কৰে ৷ ছয় জনগোষ্ঠীক জনজাতীয়কৰণ কৰাত বৰ্তমানৰ জনজাতীয় লোকে বাধা দিছে বুলি উল্লেখ কৰি তেওঁলোকৰ অস্তিত্ব বিপন্ন হ’ব বুলি দাবী কৰি থকা কথাটো জনাই ৷

ছয় জনগোষ্ঠীৰ জনজাতীকৰণৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে দিব নোৱাৰো কেন্দ্ৰক বুলি কৈ দিলেই অসমত ৰক্তাক্ত হ’ব বুলি উল্লেখ কৰে।এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষা অসমীয়াতে দিব পাৰিব।

লগতে পঢ়ক- কালি নিশা মহানগৰীত মদাহী ড্ৰাইভাৰ ধৰা পৰিল ১১৫জন, দূৰ্ঘটনা ন’হল

মেডিকেল, অভিযান্ত্ৰিক আদি সকলো প্ৰৱেশ পৰীক্ষা অসমীয়াত হব। অসমীয়া ভাষা ৰক্ষা কৰাতো চৰকাৰৰ দায়িত্ব নহয় ৷ ৰাইজে কৰিব লাগিব ৷ অসমীয়া স্কুলত লৰা ছোৱালীক পঢ়ুৱাওক বুলি উল্লেখ কৰে ৷ চৰকাৰ সকলোৰে বাবে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে৷

এইখন চৰকাৰৰ কাৰ্যকালত মুঠ ৬৭২ টা গৰু সৰবৰাহৰ গোচৰ ৰুজু হোৱাৰ লগতে ৫,৩৮০ টা গৰু জব্দ কৰা হৈছে । অবৈধ কয়লা সৰবৰাহৰ ১০৫ টা আৰু বাৰ্মিজ চুপাৰি সৰবৰাহৰ ১০৫ টা গোচৰ পঞ্জীয়ন কৰা হৈছে । বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাষাৰে কয় যে, চাকৰিমুখী মানসিকতাৰ পৰা জাতিটোক আঁতৰাই নিব লাগিব । 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply