নিউজ ডেস্ক : সাৰ্বভৌমত্বক লৈ আলফাৰ সৈতে আলোচনা কৰিবলৈ প্ৰস্তুত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! মুখ্য মন্ত্ৰী গৰাকীয়ে কৰা এক মন্তব্যৰ পিছতে ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশ পাইছে এই বাতৰি।
বুধবাৰে মুখ্য মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত আলফা-চৰকাৰৰ আলোচনা সম্পৰ্কে কেতবোৰ মন্তব্য কৰিছিল। ইয়াৰ পিছতে The Times of India -ত আজি মুখ্য মন্ত্ৰী শৰ্মা আলফা স্বাধীনৰ সৈতে সাৰ্বভৌমত্বক লৈ আলোচনা কৰিবলৈ প্ৰস্তুত বুলি এক বাতৰি প্ৰকাশ পাইছে।
“Himanta 1st Assam CM ready to discuss Ulfa(I)’s core demand of ‘sovereignty’” শীৰ্ষক বাতৰিটোৰ মতে হিমন্ত বিশ্ব শৰ্মাই আলফা (স্বাঃ) আৰু চৰকাৰৰ মাজত বিদ্ৰোহী সংগঠনটোৰ মূল দাবী ‘সাৰ্বভৌমত্ব’ক লৈ আলোচনা হ’ব লাগিব বুলি ঘোষণা কৰিছিল।
আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে সংবাদ পত্ৰখনৰ এই বাতৰি পোনচাতেই নাকচ কৰিছে। কোনো মুখ্য মন্ত্ৰীয়ে ভাৰতৰ সাৰ্বভৌমত্বক লৈ আলোচনা কৰিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ বাতৰিটোক ‘অসত্য’ বুলি কয়।
বুধবাৰে মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা অসম ৰাইফলছৰ জোৱান ৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত হৈ মুখ্য মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত আলফা-চৰকাৰৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
বিশেষকৈ আলফা স্বাধীনৰ শেহতীয়া কিছু সিদ্ধান্তক আদৰণি জনাই মুখ্য মন্ত্ৰী গৰাকীয়ে কয়, ‘কেইদিনমান আগতে তেওঁলোকৰ যি একপক্ষীয় যুদ্ধ বিৰতি আছে তাক তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰিছে। আগৰ কেইবাৰ যদিও ক’ভিড পৰিস্থিতিলৈ তেওঁলোকে যুদ্ধ বিৰতি বৃদ্ধি কৰিছিল এইবাৰ তেওঁলোকে সাধাৰণভাৱে যুদ্ধ বিৰতি বৃদ্ধি কৰিছে।’
‘মই আলফাৰ এই সিদ্ধান্তক স্বাগতম জনাইছো আৰু মই ভাবো যে এই ধৰণৰ কনফিডেন্স বিল্ডিং পদক্ষেপৰ জৰিয়তে লাহে লাহে আলোচনাৰ পথো প্ৰসস্ত হ’ব,’ তেওঁ লগতে কয়।
অৱশ্যে এতিয়াও স্থায়ী সমাধানৰ বাট মুকলি হোৱা নাই বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ইয়াৰ বাবে মূল বিষয় (core issues)ৰ ওপৰত আলোচনা হ’ব লাগিব বুলি মন্তব্য কৰে।
‘সংবিধানৰ সীমাবদ্ধতা আৰু আলফাৰ দাবী এই দুয়োটাৰ মাজত ক’ৰবাত নহয় ক’ৰবাত সামঞ্জস্যতা এটা বহিব লাগিব। প্ৰচেষ্টা চলিব, কিন্তু মই ভাবো ই এটা দীঘলিয়া প্ৰক্ৰিয়া, আজিয়ে কিবা এটা হ’ব সেইধৰণে ক’ব নোৱাৰি কিন্তু এতিয়ালৈকে যিখিনি যোৱা ৬ মাহত হৈ আছে তাক আমি নিশ্চয় পজিটিভ বুলি ক’ব লাগিব,’ শৰ্মাই কয়।
উল্লেখ্য যে, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা অসমৰ প্ৰধান বিদ্ৰোহী গোট আলফা (স্বাধীন)ৰ সৈতে আলোচনাৰ বিষয়টোৱে বিগত দিনসমূহত বিশেষ চৰ্চা লাভ কৰিছে।
১০ মে’ত মুখ্য মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰি তেওঁ আলফা স্বাধীনক আলোচনাৰ মেজলৈ অনাৰ বাবে নতুন চৰকাখনে বিশেষভাৱে গুৰুত্ব দিব বুলি কৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে সংগঠনটোৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিবাৰকৈ সাময়িক যুদ্ধ বিৰতি ঘোষণা কৰে।
লগতে পঢ়ক : দেৰগাৱত ট্ৰাকে মহতীয়াই নিলে হোটেল এজন নিহত