গুৱাহাটী : ৰাজ্যৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক জন্ম নিয়ন্ত্ৰণৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনাইছে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এখন বৈঠকত মুখ্য মন্ত্ৰীয়ে এইদৰে কয়।

সংখ্যলঘু সম্প্ৰদায়ৰ সমাজখনক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিব কৰিবলৈ চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনাই মুখ্য মন্ত্ৰীয়ে কয় যে দৰিদ্ৰতাৰ মূল কাৰণ হৈছে জনসংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি।

জন বিস্ফোৰণ ৰোধ কৰিবলৈ চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলৰ শিক্ষাৰ বাবে কাম কৰিব বুলিও তেওঁ কয়।

লগতে পঢ়ক : বিখ্যাত লেখক হ’ব খুজিছে? প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছে এখন বিশেষ আঁচনি

আনহাতে উক্ত বৈঠকত উচ্ছেদক লৈ মুখ্য মন্ত্ৰীজনে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। মুখ্য মন্ত্ৰীৰ মতে এনেদৰে জনসংখ্যা বৃদ্ধি পাই থকাৰ বাবেই থাকিবলৈ ঠাইৰ অভাৱ ঘটিছে আৰু বেদখল বৃদ্ধি পাইছে।

তেওঁ কয় যে চৰকাৰে মন্দীৰ, সত্ৰ, বনাঞ্চল আদিত বেদখল হ’বলৈ দিব নোৱাৰে।  তেওঁ আমছু আৰু এ আই ইউ ডি এফক সম্প্ৰদায়টোৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে উৎসাহ যোগাবলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply