নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত প্ৰথমবাৰলৈ বাসভৱনৰ পৰা বাহিৰ ওলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়, ‘মুখ্যমন্ত্ৰী কোন হ’ব বৰ্তমান সেইটো ডাঙৰ কথা নহয়, ক’ভিড সংক্ৰমণৰ পৰা জনতাক ৰক্ষা কৰাটোহে বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ কথা হৈছে।
সকলোৱে দায়ৱদ্ধতাৰে আমাৰ কামখিনি কৰি যাব লাগিব। বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ ভৈয়াম সকলোৱে দৃঢ়তাৰে যুঁজ দিব।কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি সফল হ’বই লাগিব আৰু অসমৰ ৰাইজক নিৰোগী আৰু স্বাস্থ্যবান কৰি ৰাখিবই লাগিব।’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘দুই এদিনতে সংসদীয় ব’ৰ্ডৰ বৈঠক হ’ব আৰু এই বৈঠকেই চুড়ান্ত সিদ্ধান্ত ল’ব। আপোনালোকে সেইটোক লৈ চিন্তা কৰিব নালাগে।’
আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম আৰু ৰয়েল গ্লোবেল ইউনিভাৰ্ছিটীত স্থাপিত ক’ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰি সামগ্ৰিক স্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে । ইয়াৰ লগতে ক’ভিড-১৯ত আক্ৰান্তসকলৰ বাবে উপলব্ধ সা-সুবিধা আৰু স্বাস্থ্য সম্পৰ্কীয় আন্তঃগাঁথনিৰো বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীয়ে এই মহামাৰীৰ সময়ত ত্যাগ আৰু সমৰ্পিত মনোভাৱেৰে সেৱা আগবঢ়াই থকা চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলক ৰোগীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ উপৰিও নিজৰ স্বাস্থ্যৰো যত্ন ল’বলৈ আহ্বান জনাই।