নিউজ ডেস্ক : মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ নিৰ্দেশ দিছে। সোমবাৰে টুইটাৰযোগে মুখ্য মন্ত্ৰী গৰাকীয়ে এই কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত অসমীয়াক গুলীওৱাৰ হুংকাৰ প্ৰদান কৰিছিল। ইয়াৰ পিছতে অসম আৰক্ষীয়ে সাংসদগৰাকীক জবানবন্দী গ্ৰহণৰ বাবে কাচাৰ জিলাৰ ধলাই থানালৈ মাতি পঠিয়াইছিল।

মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাই ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত গ্ৰহণ কৰা সদিচ্ছাৰ প্ৰতি সহাঁৰি জনাই অভিযুক্ত সাংসদ গৰাকীৰ বিৰুদ্ধে থকা এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ হৈছে বুলি মুখ্য মন্ত্ৰী সোমবাৰে টুইটাৰযোগে জানিবলৈ দিয়ে।

অৱশ্যে ২৮ জুলাইত অসম-মিজোৰাম সীমান্তত সংঘটিত গুলীচালনাত অসম আৰক্ষীৰ ওপৰত গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগত মিজোৰামৰ কোলাচিব জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসহ ৬ গৰাকী বিষয়াৰ বিৰুদ্ধে ৰুজু থকা গোচৰৰ প্ৰত্যাহাৰ কৰা হোৱা নাই।  

উক্ত ৬ গৰাকী বিষয়াক অসম আৰক্ষীয়ে চমন প্ৰেৰণ কৰাৰ লগতে জবানবন্দী গ্ৰহণৰ বাবে সোমবাৰে কাচাৰৰ ধলাই থানালৈ মাতি পঠিওৱা হৈছিল।

অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ ৬ গৰাকী বিষয়াৰ বিৰুদ্ধেও মিজোৰাম আৰক্ষীয়ে কেইবাটাও গোচৰ ৰুজু কৰিছিল। অৱশ্যে মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ মিজোৰাম চৰকাৰ সাজু আছে বুলি ৰাজ্যখনৰ মুখ্য সচিব গৰাকীয়ে দেওবাৰে সদৰী কৰিছিল।

মিজোৰাম সাংসদ কে ভানলালভেনায়ে নিজৰ বিৰ্তকিত মন্তব্যত কৈছিল, ‘আমি তেওঁলোকক গুলীয়াইছিলো। তেওঁলোকে পুনৰ আমাৰ সীমা অতিক্ৰম কৰিলেই আকৌ গুলীয়াম। ভাগ্য ভাল যে আমি আটাইবোৰকে মাৰি নেপেলালো, তেওঁলোকে যদি আকৌ আহে আমি এইবাৰ সকলোকে হত্যা কৰিম।’

লগতে পঢ়িম : ১৬ ডিচেম্বৰৰ পৰা খোল খাব আন্ত:জিলা যাতায়াত ব্যবস্থা:মুখ্যমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,274 other subscribers

Leave a comment

Leave a Reply