মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: চেন্টাৰ ফৰ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন চমুকৈ CITU-ৰ ৰাষ্ট্ৰীয় কল মজদুৰ সংঘৰ ৰাষ্ট্ৰীয় সম্পাদক ডি ডি ৰামানন্দ সহ ৰাষ্ট্ৰীয় কল মজদুৰ সংঘৰ উত্তৰ পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ সম্পাদক স্বপন ৰয়, সভাপতি প্ৰদীপ ঘোষাল, কাৰ্য্যকৰি সভাপতি সঞ্জীৱ বৰুৱা, উপ সভাপতি দ্বয় মিলন বিশ্বাস, শিবু ৰায়,  সম্পাদক ৰূপজ্যোতি নেওগৰ উপস্থিতিত মাৰ্ঘেৰিটা কল ইণ্ডিয়াৰ দিহিং গেষ্ট হাউচত শনিবাৰে সন্ধিয়া এখন সংবাদমেল অনুষ্ঠিত হয়। 

উক্ত সংবাদমেল মূলতঃ টিৰাপ কয়লা খনি মুকলি আৰু টিকক পশ্চিম কয়লা খনি মুকলি সন্দৰ্ভত ডাইৰেক্টৰ অফ টেকনিকেল CILৰ তৰফৰ পৰা CITUক নিশ্চয়তা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে ৰাষ্ট্ৰীয় সম্পাদক ডি ডি ৰামানন্দে। 

কিছুদিন পূৰ্বে CITUৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে ডাইৰেক্টৰ অৱ টেকনিকেল CILৰ এক আলোচনা মৰ্মে অতি সোনকালে উত্তৰ পূৱ কয়লাক্ষেত্ৰৰ টিৰাপ আৰু টিৰাপ পশ্চিম মাইনিং মুকলি কৰাৰ নিশ্চয়তা প্ৰদান কৰাৰ লগতে শেহতীয়াকৈ কল ইণ্ডিয়াৰ মাৰ্ঘেৰিটা কাৰ্য্যালয়ৰ অন্তৰ্গত কয়লা ক্ষেত্ৰ সমূহৰ পৰা যি সকল শ্ৰমিক কৰ্মচাৰী অন্যান্য কয়লা ক্ষেত্ৰলৈ বদলি কৰিছিল সেই সমূহ শ্ৰমিক কৰ্মচাৰী পুনৰ অসমলৈ উভতাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অৱসৰকালীন পেঞ্চন আঁ‌চনি সমূহ শ্ৰমিক কৰ্মচাৰী সকলে তৎক্ষণাত লাভ কৰে সেই সন্দৰ্ভতো এক যুগাত্মক আলোচনা কল ইণ্ডিয়া কৰ্তপক্ষেৰে হৈছে বুলি এই সংবাদমেলত জানিবলৈ দিয়াৰ লগতে দুটাকৈ নতুন মাইনিং কোম্পানীত স্থানীয় যুৱকে চাকৰি দিয়াৰো দাবী সংবাদমেল যোগে কল ইণ্ডিয়াক জনায়।

লগতে পঢ়ক – লখিমপুৰৰ এখন গাঁৱৰ পৰা ২২জন লোকক জেল হাজোলৈ প্ৰেৰণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,599 other subscribers

Leave a comment

Leave a Reply Cancel reply