মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: মৃত্যুৰ কিৰিলি লিডু মালৌ পাহাৰত। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ দক্ষিণ পূৱ অঞ্চলত অৱস্থিত তথা পাটকাই পাহাৰৰ অংশ বিশেষ অসম-অৰুণাচলৰ সীমামুৰীয়া মালৌ পাহাৰত কয়লা চোৰৰ দপদপনিৰ বাবে নিতৌ সংঘটিত হৈ আহিছে কয়লা কেন্দ্ৰীক দূর্ঘটনা ।
কিছুসংখ্যক দূর্ঘটনা পোহৰলৈ আহে যদিও মৃত্যুৰ দৰে শোকাৱহ দূর্ঘটনা সমূহৰ অধিকাংশই চতূৰ কয়লা চোৰে অতি কৌশলেৰে প্ৰকাশ হোৱাৰ সকলো পথ ৰোধ কৰি ৰাখে । বিশেষকৈ চোৰাং কয়লা উৎপাদিত অঞ্চলসমূহ অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অৱস্থিত হোৱাৰ হেতুকে দূর্ঘটনাত পতিত হৈ মৃত্যু হোৱা শ্ৰমিকসকলৰ মৃতদেহসমূহ অৰুণাচলৰ গভীৰ বনাঞ্চলত জীৱ-জন্তুৰ দৰে পূতি ৰাখে। যাৰ বাবে এনে ঘটনাসমূহ পোহৰলৈ নাহে।
প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা তেনে এক ঘটনাই মালৌ পাহাৰত সংঘটিত হোৱাত তিনিজনকৈ শ্ৰমিকে অতি শোকাৱহভাবে মৃত্যুক আকোৱালী লোৱাৰ লগতে কেইবাজনো শ্ৰমিক আঘাটপ্ৰাপ্ত হয়।
জানিব পৰা মতে অঞ্চলটোৰ কুখ্যাত কয়লা চোৰ জনৈক ডেভিদৰ নেতৃত্বত নিৰ্মাণ কৰা এটি অবৈধ কয়লা খনিত কাম কৰি থকা অৱস্থাত বিষাক্ত মিথেন গেছ নিৰ্গত হৈ তিনিজন শ্ৰমিক থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো আঘাটপ্ৰাপ্ত হয় ।
নিহত শ্ৰমিক কেইজন যথাক্ৰমে বঙাইগাওঁ জিলাৰ যোগীঘোপাৰ ছাহিদুল ঈছলাম আৰু হুছেইন আলি আৰু আনজন গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলি বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে চতুৰ কয়লা চোৰ ডেভিদে তিনিওটা মৃতদেহ গভীৰ অৰণ্যত জেচিবিৰে মাটি খান্দি পুতি ৰাখিছিল যদিও একাংশ শ্ৰমিকে নিহত শ্ৰমিক কেইজনৰ পৰিয়ালক খবৰ দিয়াত সমগ্ৰ ঘটনা পোহৰলৈ আহে।
লক্ষ্যণীয় যে মালৌ পাহাৰত দীৰ্ঘদিনৰ পৰা চলি অহা চোৰাং কয়লাৰ বৃহৎ চিণ্ডিকেটৰ মূলতে হৈছে অঞ্চলটিৰ গাওঁবুঢ়া তথা লিডুৰ কুখ্যাত কয়লা চোৰ তেহন হাখুন। পৰম্পৰা অনুযায়ী পিতৃৰ মৃত্যুৰ পিছত গাওঁ বুঢ়াৰ দায়িত্ব লোৱা যুৱক তেহন হাখুনে নিজকে পাহাৰীয়া গাওঁখনৰ অবিসম্বাদী জনজাতীয় নেতা হিচাপে কয়লাৰ চোৰাং বজাৰখন নিজৰ তত্বাৱধানত ৰাখি যধে মধে কয়লাৰ খনন আৰু বিক্ৰী কৰি আহিছে।
এইজন গাওঁ বুঢ়াই শেহতীয়াকৈ কয়লাৰ বৃহৎ ভাণ্ডাৰ থকা মোলংপাহাৰখন অৰুণাচলৰ বুলি দাবী কৰাৰ লগতে অসমৰ ভূমিপূত্ৰ সদৃশ তাংচা জনজাতীয় লোকসকলকো অৰুণাচলি বুলি কৈ পৃথকতাবাদী চিন্তাৰ পৰিৱেশ সৃষ্টি কৰিছে। আনকি নগা উগ্ৰপন্থী সংগঠন সমূহকো বৰ পীৰা পাৰি লিডুত ধন দাবী আৰু অপহৰণৰ দৰে বেআইনী কামত উৎসাহ যোগাই অহা বুলি গাওঁবুঢ়া জনৰ বিৰুদ্ধে বাৰম্বাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও অতি আচৰিতভাৱে তেওঁৰ ওপৰত আজি পৰ্যন্ত কোনোধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোকৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে।
অন্যহাতে এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি এই সমগ্ৰ কয়লা চোৰ সমূহৰ চৰ্দাৰ কুখ্যাত কয়লা চোৰ জনৈক সুনীল গুৰুঙে সমগ্ৰ লিডু-বৰগোলাই অঞ্চলত কয়লা চুৰি চক্ৰটোক সাৰ পানী যোগাই অহাৰ লগতে ৰাজ্যখনে কয়লাৰ পৰা পাব লগা কোটি কোটি ৰাজহ হেৰুৱাব লগাত পৰিছে বুলি অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে গুৰুঙে প্রাসাদোপম অট্টালিকা নিৰ্মান কৰি দুগৰাকী পত্নীৰ নামত সোঁৱে-বাওঁৱে ধন ঘটাত সকলোৰে চকু কপালত উঠিছে।
বৰ্তমান সমগ্ৰ মালৌ পাহাৰ অঞ্চলত লিডু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লেখা সময়লৈকে মৃতেদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
মানৱ অধিকাৰ খৰ্ব কৰা এই ঘটনাই সমগ্ৰ অসমতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৩ শ্ৰমিকৰ মৃত্যুৰ সমগ্ৰ ঘটনাৰ লগত জড়িত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দিয়াৰো দাবী উত্থাপন কৰিছে সচেতন মহলে।
লগতে পঢ়ক – ফেক্ট-চেক: বন্ধ লেন্সেৰে চিতাবাঘৰ ফটো তুলিছিল নেকি প্ৰধান মন্ত্ৰীয়ে?