টীয়ক, স্মৃতি প্ৰিয়া লাহন: সামাজিক মাধ্যম ফে’চবুকত বিদ্ৰোহী কবিতা লিখি টীয়কৰ এগৰাকী যুৱতী গ্ৰেপ্তাৰ হ’বলগীয়া ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বেআইনী কাম-কাজত জড়িত থকাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ টীয়কৰ এজাৰগুৰিৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰে।
বৰ্ষাশ্ৰী বুঢ়াগোহাঁই যোৰহাটৰ ডি চি বি মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ স্নাতক দ্বিতীয় ষাণ্মাষিকৰ ছাত্ৰী।
জানিব পৰা মতে, মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰীয়ে ফে’চবুকত বিদ্ৰোহী কাম-কাজক উৎসাহিত কৰা কেতবোৰ প’ষ্ট লিখাৰ বাবেই গোলাঘাটৰ উৰিয়ামঘাটৰ পৰা এগৰাকী সহপাঠীৰ ঘৰলৈ ফুৰিবলৈ যোৱা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আনহাতে, ছাত্ৰী গৰাকীক এইদৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক সহজভাৱে ল’ব পৰা নাই স্থানীয় লোকে।
ৰাজ্যৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে আলফা স্বাধীনৰ ‘হুমুকি’ত ৰাজহুৱাকৈ ক্ষমা খোজাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস গোটাব নোৱাৰা অসম আৰক্ষীয়ে সামাজিক মাধ্যমত প’ষ্ট লিখাৰ বাবেই এগৰাকী ছাত্ৰীক গ্ৰেপ্তাৰ কৰা কাৰ্যক স্থানীয় লোকে তীব্ৰ নিন্দা কৰিছে।
লগতে পঢ়ক – গৰু পোৱালিৰ সৈতে ‘যৌন ক্ৰিয়া’ত লিপ্ত অসমৰ যুৱকক গ্ৰেপ্তাৰ