অখিল গগৈয়ে ভবানিপুৰত কংগ্ৰেছ সভাপতি ভুপেন বৰাক নিজেই অবতীৰ্ণ হোৱাৰ বাবে অনুৰোধ প্ৰত্যাখান কংগ্ৰেছৰ ! থাওৰাত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত হৈছে ।
দেওবাৰে উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে নিৰূপণ কৰা সমষ্টিসমূহৰ ভিতৰত থাওৰা সমষ্টিও অন্তৰ্ভূক্ত হোৱাৰ লগে লগে অখিল গগৈৰ এই অনুৰোধ যেন নৰজিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ওচৰত। কংগ্ৰেছৰ এই সিদ্ধান্তৰ লগে লগে মৰিয়নীটো ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় খাটাং হ’ল।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰকিবুল হুছেইনৰ জৰিয়তে থাওৰা সমষ্টিটো ৰাইজৰ দলক এৰি দিবলৈ অনুৰোধ জনাইছিল। তেনে অবস্থাত মৰিয়নী সমষ্টিটোৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত নতুনকৈ বিবেচনা কৰিব।
বিধায়ক অখিল গগৈৰ মতে থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী আৰু বিৰোধী ঐক্য হ’লে তেওৰ জয় নিশ্চিত। অখিল গগৈৰ এই অনুৰোধক সঁহাৰি জনাই ৰকিবুল হুছেইনেও প্ৰদেশ কংগ্ৰেছৰ সভাপতিক এই বিষয়ে বিবেচনা কৰাৰ প্ৰস্তাৱ দিয়াৰ কথা ঘোষণা কৰিছিল।
কিন্তু দেওবাৰে উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে নিৰূপণ কৰা সমষ্টিসমূহৰ ভিতৰত থাওৰা সমষ্টিও অন্তৰ্ভূক্ত হোৱাৰ লগে লগে অখিল গগৈৰ এই অনুৰোধ যেন নৰজিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ওচৰত। কংগ্ৰেছৰ এই সিদ্ধান্তৰ লগে লগে মৰিয়নীটো ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় খাটাং হ’ল।
এতিয়া মৰিয়নী আৰু থাওৰা দুয়োটা সমষ্টিতে বিৰোধী ভোটৰ বিভাজনৰ সুযোগ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে শাসকীয় বিজেপিয়ে। কংগ্ৰেছ ত্যাগী ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাইয়ে বিজেপিৰ টিকটত মৰিয়নী আৰু থাওৰাৰ পৰা নিৰ্বাচন খেলাটো প্ৰায় নিশ্চিত। সেয়ে দুয়োগৰাকীয়ে বিৰোধী ভোটৰ বিভাজনৰ সুযোগ লৈ পুনৰ বিজেপিৰ টিকটত জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
লগতে পঢ়ক-বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলৰ পৰা নিলম্বন
কংগ্ৰেছৰ ফালৰ পৰা হাইকামান্ডলৈ প্ৰেৰণ কৰা তালিকাত থাওৰা সমষ্টিৰ বাবে মনোৰঞ্জন কোঁৱৰ, নিভা গগৈ আৰু অজয় গগৈৰ নাম প্ৰেৰণ কৰিছে ।
আনহাতে মৰিয়নি সমষ্টিৰ বাবে দলে প্ৰেৰণ কৰা তিনিটা নামৰ ভিতৰত আছে লোহিত কোঁৱৰ, অতুল বৰগোঁহাই আৰু মামনি ৰাজকুমাৰী ।
তামুলপুৰ সমষ্টিৰ বাবে ভাস্কৰ দাহাল, ছাজিয়া বেগম আৰু বাবুল বড়োৰ নাম হাইকামান্ডৰ ওচৰলৈ প্ৰেৰণ কৰিছে ।
গোসাইগাঁও সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাবে প্ৰেৰণ কৰা তালিকাত জোছেফ হাজদা আৰু হেলেন মূৰ্মূৰ নাম সন্নিবিষ্ট হৈছে বুলি দলীয় সুত্ৰই জানিবলৈ দিয়ে ।