গুৱাহাটী : সোমবাৰে প্ৰদেশ কংগ্রেছৰ নেতৃত্বত উজনি অসম আৰু উত্তৰ অসমৰ সমূহ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সকলৰ সৈতে ভিডিঅ’ কণফাৰেন্সযোগে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ ওপৰত পৃথকে পৃথকে তিনিখনকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই পৰ্যালোচনাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্রেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি সকল আৰু সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ কংগ্রেছ প্ৰাৰ্থী সকলে ভাগ লয়।
বৈঠকত সাম্প্ৰতিক সময়খিনিত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ক’ভিড বিধি সম্পূৰ্ণৰূপে মানি ভয়াৱহ ক’ভিড পৰিস্থিতিৰ লগত মুখামুখি হোৱাৰ লগতে সমষ্টি সমূহৰ ভুক্তভোগী ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ কংগ্রেছ নেতা কর্মী সকলে ল’বলগীয়া জিলা ভিত্তিক আৰু সমষ্টি ভিত্তিক দলীয় কাৰ্যপন্থাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। এই একেইটা বিষয়ৰ ওপৰত প্ৰদেশ কংগ্রেছৰ নেতৃত্বত অহা ১৯ মে’লৈ পৰ্যায়ক্ৰমে বিধানসভা সমষ্টি সমূহৰ কংগ্রেছ প্ৰাৰ্থী সকলৰ সৈতে এই পৰ্যালোচনা বৈঠক সমূহ অনুষ্ঠিত হ’ব।
আৰু পঢ়কঃ মহানগৰীৰ অক্সিজেন উৎপাদন প্লান্ট পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে
উল্লেখযোগ্য যে ক’ভিডত আক্ৰান্ত লোকসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও সম্প্ৰতি ৰাজ্যখনৰ বেছিভাগ জনতাই এতিয়ালৈকে ক’ভিড প্ৰতিষেধক ছিটাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি অনলাইন যোগে পঞ্জীয়ন কৰাত অসুবিধা ভূগি আছে। যিসকলে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে, তেখেত সকলে ক’ভিড প্ৰতিষেধক ছিটা লোৱাৰ বাবে নিৰ্দিষ্ট সময়সূচী নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই সমগ্ৰ বিষয়ৰ ওপৰত সাধাৰণ ৰাইজক সহায়-সহযোগ কৰাৰ বাবে কংগ্রেছ নেতা-কর্মী সকলক আহ্বান জনাইছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্রেছৰ সভাপতি তথা ৰিপুন বৰাই।