কমাৰগাঁও, চন্দন বৰা: কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনি বাতিল কৰা দাবীত সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাতো কংগ্ৰেছ দলে আজি সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে।

গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ কঠালগুৰি ব্লক কংগ্ৰেছ আৰু উত্তৰ গোলাঘাট ব্লক কংগ্ৰেছ কমিটীয়ে খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত এই সত্যাগ্ৰহ কায্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত দেশৰ নিৱনুৱাক লৈ মাত্ৰ চাৰি বছৰৰ বাবে মকৰল কৰি তেওঁলোকৰ জীৱনক লৈ হেতালি খেলিছে।

আজিৰ উক্ত সত্যাগ্ৰহ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক ৰাতুল কুৰ্মী, কঠালগুৰি ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল ৰাজখোৱা, কোষাধ্যক্ষ, সাধাৰণ সম্পাদক দিগন্ত বাইলুং, সম্পাদক চৈয়দ নজৰুল্লাহ ইন্তেজাম, খুমটাই বিধানসভা যুৱ কংগ্ৰেছৰ সভাপতি ৰূপান্তৰ তাঁতিকে ধৰি দলৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক – বান পীড়িতক সহায়ৰ বাবে আগবাঢ়ি আহিছে এইসমূহ স্বেচ্ছাসেৱী সংগঠন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply