অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত বক্সাৰ এম চি মেৰী কম আৰু পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিং ভাৰতৰ পতাকাবাহক হ’ব। ত্ৰিৰংগা পতাকা হাতত লৈ মেৰী কমে অলিম্পিকত ভাৰতক নেতৃত্ব দিয়াটো উত্তৰ-পূবৰ বাবে নিশ্চয় এক গৌৱৰ কথা।
অৱশ্যে আজিৰ পৰা প্ৰায় ৭ দশক পূৰ্বে উত্তৰ-পূবৰ আন এগৰাকী ত্ৰীড়া অলিম্পিক প্ৰতিযোগিতাত ভাৰতক নেতৃত্ব দিছিল। সেয়া আছিল ১৯৪৮ চন আৰু খেলুৱৈ গৰাকী আছিল কিংবদন্তি ফুটবলাৰ ডাঃ টালিমেৰন আও (টি আও)।
স্বাধীন ভাৰতৰ প্ৰথমটো ফুটবল দলৰ অধিনায়ক তেতিয়াৰ অবিভক্ত অসমৰ নাগা পাহাৰ জিলাত জন্ম গ্ৰহণ কৰা টি আওৰ নেতৃত্বতে ভাৰতীয় ফুটবল দলে ১৯৪৮ চনত অনুষ্ঠিত লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰি উক্ত অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত আও ভাৰতৰ পতাকাবাহক আছিল।
এগাৰী মেধাৱী ছাত্ৰ হিচাপে কটন কলেজত শিক্ষাগ্ৰহণ আৰু পিছলৈ এগৰাকী চিকিৎসক হিচাপে সেৱা আগবঢ়োৱা এই গৰাকী মহান ফুটবলাৰে অসমৰ আটাইতকৈ ডাঙৰ ফুটবল ক্লাব মহাৰণা ক্লাবৰ এগৰাকী নিয়মীয়া সদস্য হিচাপে বৰ্ণময় ফুটবল যাত্ৰাৰ পাতনি মেলে।
লগতে পঢ়ক : ক’ভিডৰ ফলত স্থবিৰ হৈ পৰা ভ্ৰাম্যমান থিয়েটাৰলৈ কেতিয়া আহিব ভাল দিন?
পিছত ১৯৪০ চনত কলিকতাত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ যোৱা আওয়ে বিখ্যাৎ মোহন বাগান ক্লাবৰ হৈ খেলাৰ সুযোগ লাভ কৰে। নিজৰ ফুটবল জীৱনৰ শেষ সময়লৈকে মোহন বাগান ক্লাবৰ এগৰাকী সদস্য হিচাপে থকা আওয়ে দলটোক নেতৃত্বও দিছিল।
অলিম্পিৰকৰ প্ৰথম প্ৰতিযোগিতাখনত ভাৰতে ফ্ৰান্সৰ বিৰুদ্ধে ২-১ গ’লৰ ব্যৱধানত পৰাস্ত হৈছিল যদিও খালী ভৰীৰে খেল পথাৰত ধুমুহাৰ সৃষ্টি কৰা অবিভক্ত অসমৰ এইগৰাকী খেলুৱৈৰ দুৰ্দান্ত প্ৰতিভাই সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল।
ভাৰতীয় দলটোৱে কিয় খালী ভৰিৰে ফুটবল খেলিছিল বুলি সাংবাদিকে সোধাত তেওঁ কৈছিল, ‘ভাৰতত আমি ফুটবল খেলোঁ, তোমালোকে বুটবল খেলা!!’
একাংশই কোৱা মতে, তেওঁলৈ আৰ্ছেলান দলৰ হৈ খেলাৰ সুযোগ আহিছিল যদিও এগাৰকী চিকিৎসক হৈ দেউতাকৰ সপোন পূৰ্ণ কৰাৰ স্বাৰ্থত সেই সুযোগ প্ৰত্যাখান কৰিছিল। ১৯৫০ চনত তেওঁ প্ৰথম গৰাকী নাগা চিকিৎসক হিচাপে উত্তীৰ্ণ হয়।
ভাৰতৰ হৈ ৬ খন প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা ডাঃ টি আওয়ে পিছত গৃহভূমিলৈ ঘুৰি আহি চিকিৎসা সেৱাত মনোনিৱেশ কৰে। পিছত নাগালেণ্ডৰ স্বাস্থ্য সেৱাৰ সঞ্চালকৰ দায়িত্ব পালন কৰা ডাঃ আওয়ে ৮০ বছৰ বয়সত মৃত্যুক সাবটি লয়।
ইংৰাজীত পঢ়ক : Assam connection of Dr Talimeren Ao, flag bearer of independent India’s first Olympics