নিউজ ডেস্ক: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে স্বাস্থ্যখণ্ডৰ উন্নয়ণৰ যিমানেই দাবী নকৰক কিয় বাস্তৱত অসম স্বাস্থ্যসেৱাৰ মান এতিয়াও যে এক পুতৌজনক অৱস্থাত আছে সেয়া পুনৰবাৰ প্ৰমাণিত হ’ল।
মঙলবাৰে ভাৰতৰ মহাপঞ্জীয়কে প্ৰকাশ কৰা প্ৰসূতিৰ মৃত্যুৰ বিশেষ বুলেটিনত (Special Bulletin on Maternal Mortality) প্ৰকাশিত তথ্য অনুসৰি অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক।
উক্ত বুলেটনিৰ মতে ২০১৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত ৰাজ্যত এক লাখ জন্মৰ বিপৰীতে ১৯৫ গৰাকী প্ৰসূতিৰ মৃত্যু হৈছে। অৱশ্যে ইয়াৰ আগৰ দুটা বছৰৰ তুলনাত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে। ২০১৬ চনৰ পৰা ২০১৮ চনৰ ভিতৰত অসমৰ এক লাখ জন্মৰ বিপৰীতে ২১৫ গৰাকী প্ৰসূতিৰ মৃত্যু হৈছিল।
অসমৰ পিছতে এইবাৰ প্ৰসূতিৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মধ্য প্ৰদেশ আৰু উত্তৰ-প্ৰদেশ। মধ্য প্ৰদেশত এক লাখ জন্মৰ বিপৰীতে ১৭৩ গৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ বিপৰীতে উত্তৰ-প্ৰদেশত এই সংখ্যা হৈছে ১৬৭।
আনহাতে উক্ত সমীক্ষাৰ মতে প্ৰসূতিৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত কেৰেলাই সবাতোকৈ ভাল প্ৰদৰ্শন কৰিছে। ৰাজ্যখনত ২০১৮-ৰ পৰা ২০২০ চনলৈ ১ লাখ জন্মৰ বিপৰীতে ১৯ গৰাকী প্ৰসূতিৰ মৃত্যু হৈছিল।
উল্লেখযোগ্য যে ২০১৮-২০ বৰ্ষত দেশত প্ৰসূতিৰ মৃত্যুৰ গড় হাৰ ২০১৬-১৮ বৰ্ষতকৈ সামান্য হ্ৰাস পোৱা দেখা গৈছে। ২০১৬-১৮ বৰ্ষত দেশত ১ লাখ জন্মৰ বিপৰতে ১১৩ গৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ বিপৰীতে ২০১৮-২০ বৰ্ষত ৯৭ গৰাকী প্ৰসূতিৰ মৃত্যু হয়।
লগতে পঢ়ক – শিলচৰ NIT-ত গৱেষণা সহযোগীৰ পদ সৃষ্টি